পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বিতীয় মাহাত্ম্য।

পূৰ্ব্বকথা।

মেধস বদতি,  শুনিয়ো নৃপতি,
 গোঁসানীৰ জন্ম-কথা।
আপুনি ব্ৰহ্মাই,  গুণক বৰ্ণাই,
 স্তুতি কৰিলন্ত যথা॥
শুনিয়োক আৰ, কহিবোঁ দুৰ্গাৰ,
 অদভূত চৰিত্ৰক।
ৰম্ভা নামে এক,  পূৰ্ব্বে আছিলেক,
 দৈত্য সিটো অপুত্ৰক॥
পুত্ৰক বাঞ্ছয়, সিটো দৈত্যৰায়,
 উগ্ৰতপ আচৰিলা।
অনেক বৎসৰ, পাৰ্ব্বতী-শঙ্কৰ,
 দুহন্তক আৰধিলা॥
তাৰ তপস্যাত, আপুনি সাক্ষাত,
 তুষ্ট ভৈলা মহেশ্বৰ।
দেখা দিয়া আসি, বুলিলন্ত হাসি,
 লৈয়োক বাঞ্চিত বৰ॥
পাছে ৰম্ভাবীৰে, নমি জানু শিৰে,
 বুলিলন্ত স্তুতি-বাণী।
অগতিৰ গতি, তুমি পশুপতি,
 নমো দেৱ শূলপাণি॥