পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
শ্রীশ্রীচণ্ডী।

আৰ গোটা জন্মি ভৈলা কীটৰ আকাৰ।
সিহেতু কৈটভ নাম ভৈলেক প্ৰচাৰ॥
উপজিলে দুই দৈত্য দেখিলে পাছে।
বিষ্ণু-নাভি-কমলত ব্ৰহ্মা বসি আছে॥
কোপত ৰাতুল আঁখি বলে সম নাই।
ব্ৰহ্মাক বধিতে দুয়ো দৈত্যে গৈলা ধাই॥
ঘোৰ দুই দৈত্য দেখি ব্ৰহ্মা ভৈলা ভয়।
দেখন্ত মাধৱে নিদ্ৰা কৰন্তে আছয়॥৫৯-৬১
যোগিনী মাও মহামায়া জগত ঈশ্বৰী।
বিষ্ণুৰ নেত্ৰত আছে অধিস্থান কৰি॥
হৰিক জগাইবে প্ৰতি কৰি অভিপ্ৰায়।
একচিত্তে তাঙ্ক স্তুতি কৰিলা ব্ৰহ্মাই॥৬২-৬৪
ব্ৰক্ষ্মাই বোলন্ত নমো নমো সনাতনি।
জগত-আধাৰ তুমি জগত-জননী॥
শ্ৰাদ্ধ হোম যজ্ঞ দান কৰ্ম্ম নিৰন্তৰ।
সিসবৰ মন্ত্ৰ তুমি তুমিসে অক্ষৰ॥
তুমি সুজা তুমি পালা কৰাহা সংহাৰ।
সৃষ্টি স্থিতি লয় তুমি স্বৰূপ তোমাৰ॥
তুমি জ্ঞান তুমি মোহ তুমি মহামায়া।
গুণত্ৰয়স্বৰূপিৰ্ণী তুমি বিশ্বকায়া॥৬৫-৭৩
তুমি শান্তি তুমি শ্ৰেষ্ঠা পৰমা সুন্দৰী।৭৫
লক্ষ্মী লজ্জা বুদ্ধি আদি ৰূপ আছা ধৰি॥৭৪
যৈত যৈত যিবা বস্তু আছেসে যতেক।
সবাত শকতি-ৰূপে আছাহা প্ৰত্যেক॥