পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
শ্রীশ্রীচণ্ডী।


বৈশ্য নিগদতি বুলিলা সত্য হয়।
কিন্তু নিদাৰুণ হৈবা নপাৰোঁহো ময়॥২৭-২৮
আশকতি মোত নাহি একমতি।
ধনৰ লোভত মোক দিলেক দুৰ্গতি॥
ইষ্ট মিত্ৰ জন হুয়া নেদে মোক লাগ।
ধনহীন দেখি মোক কৰিলেক ত্যাগ॥২৯
নিদাৰুণ বুলি জানো এতু বাঢ়ে স্নেহ।
তাৰাক সুমৰি মোৰ দগ্ধ কৰে দেহ॥৩০
নিষ্ঠুয়ত প্ৰীতি কৰি কষ্ট পাওঁ মনে।
শোকত বজায় দীৰ্ঘ নিশ্বাস সঘনে॥
নজানোহো কোনে হেন অকাৰ্য্য মিলাই।
কি কৰিলে খণ্ডে শোক নেদেখোঁ উপায়॥৩১
 মাৰ্কণ্ডেয় মুনি বোলে মুনি দ্বিজবৰ।৩২
নৃপতিয়ে অৱস্থাক শুনিয়া বৈশ্যৰ॥
সঙ্গত বৈশ্যক লৈয়া গৈলা তেতিক্ষণে।
মেধস ঋষিৰ আগে ভৈলা উপাসনে॥ ৩৩
ঋষিক প্ৰণমি দুয়ো বসিলা আসনে।
সম্ভাষা কৰিলা অন্যে-অন্যে তিনিজনে॥৩৪
ৰাজা বোলে পোছোঁ মই কথা একখানি।
জানান্তেয়ো কেনে আমি হয়োঁ অজ্ঞানী।
কাঢ়ি লৈলা ধন-জন মন্ত্ৰিয়ো আমাৰ।
চাৰিলোঁহো ৰাজ্য তাত নাহি অধিকাৰ॥
তথাপিতো তাকে মই ৰাজ্য ধন বুলি।
মনত চিস্তিয়া দুষ্খ‌ পাইলোঁ সমুলি॥