পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৩৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
শ্রীশ্রীচণ্ডী।


ভাৰ্য্যা-পুত্ৰে বাধিলেও নুশুনেয়ো হাক।
হেন দেখি ভাৰ্য্যা পুত্ৰে নিকালিলে তাক॥
গৃহ ছাড়ি সমাধিয়ে পুষ্কৰত পশি।
মেধসৰ আশ্ৰমক পাইলা মহাযশি॥
তথাতে ভ্ৰমন্তে দেখিলন্ত নৰনাহা।
সম্বুদ্ধি বোলয় তুমি কৈক লাগি যাহা॥
কোন তুমি কি কাৰণে আইলা ঘোৰ বনে।
কেনে শোক কৰা কেনে দুস্খ কৰা মনে॥১৮
বৈশ্যে বোলে সমাধি নামত মই খ্যাত।
ধনৱন্ত বৈশ্য-কুলে ভৈলোঁ মই জাত॥
অতি মন্দমতি মোৰ ভাৰ্য্যা-পুত্ৰগণ।
ত্যজিলা লোভত মোক কাঢ়ি লৈলা ধন॥১৯-২১
ধনহীন ভৈলোঁ ছাড়িলেক বন্ধুজনে।
পায়া দুঃখ অপমান চলি আইলোঁ বনে॥২২
ঐত থাকন্তেয়ো মোৰ নুগুছয় শোক।
তাহাৰ চিন্তায়ে অহৰ্নিশে দহে মোক॥
মোৰ সিটো বন্ধু-পুত্ৰ-ভাৰ্য্যা-মিত্ৰ যত।
নজানো কিমতে আৱে আছয় গৃহত॥
কুশলে আছয় কিবা কষ্ট আছে পায়।
ধৰ্ম্মক কৰয় কিবা কৰয় অন্যায়॥২৩-২৪
ৰাজা বোলে ইটো কথা নেদেখোঁ যুগুত।
অধম নিস্খল তযু বন্ধু ভাৰ্য্যা যত॥
কেৱলে ধনৰ লোভে ত্যজি আছে আগে।
হেন নিষ্ঠুৰত স্নেহ কি কাৰণে লাগে॥২৫-২৬