পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
শ্রীশ্রীচণ্ডী ।

দুৰাচাৰ মোৰ সিটো ভৃত্য সমুদায়।
স্বধৰ্ম্মে পালয় কিবা কৰয় অন্যায়॥১৩
আমাৰ প্ৰধান হস্তী যিটো মহাবল।
হৃষ্ট পুষ্ট সৰ্ব্বকালে স্ৰৱে মদ-জল॥১১
মোৰ শত্ৰুবৰ্গে কাঢ়ি লৈয়া আছে তাক।
নজানো কিমত ভোগ পায়ে ভুঞ্জিবাক॥১৪
আৰো মোৰ সেৱকিয়া লোক-জন যত।
অন্নে বস্ত্ৰে দানে-মানে পুষিলোঁ সতত॥
কি জানি সিসবে যাৱে আমাত নৈৰাশে।
জীৱিকাৰ অৰ্থে অন্য ৰাজাক উপাসে॥১৫
মহাকষ্টে সঞ্চি থৈলোঁ যতেক ভাণ্ডাৰ।
তাক মোৰ সিটো ভৃত্যগণ দুৰাচাৰ॥
অকাৰ্য্যত ৰাত্ৰি-দিনে কৰিবেক ব্যয়।
সিসব ভাণ্ডাৰ অল্পকালে হৈব ক্ষয়॥১৬
এহিমতে আপোনাৰ আপদ অনেক।
চিন্তিতে চিন্তিতে ৰাজা ব্যাকুল ভৈলেক॥
সি ঠাৱতে পুষ্পভদ্ৰা নদীৰ কাষত।
এক গোটা বৈশ্য আসি ভৈল উপগত॥১৭
ডুমিন বৈশ্যৰ পুত্ৰ অবিনীত অতি।
কলিঙ্গ দেশৰ ৰাজা বিৰাধৰ নাতি॥
ডুমিনয়ো পুস্কৰত দেৱক আৰাধি।
যাক পুত্ৰ কৰি পাইলা নামত সমাধি॥
দিনে দিনে সিটো বৈশ্য পৰম মহন্ত।
বিপ্ৰক লাগিয়া কোটী সুবৰ্ণ দিয়ন্ত॥