পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্রীশ্রীচণ্ডী।


ভগদত্ত ৰাজাৰ হস্তীৰ ঘণ্টা এক।
সেহি বেলা অৰ্জ্জুনে কাটিয়া ফেলাইলেক॥
সেহি ঘণ্টা ঢাকি থৈলা অণ্ড চাৰি গুটি।
সিহেতু সমৰ মাজে নগৈলেক ফুটি॥
 কুৰু-পাণ্ডবৰ যুদ্ধ ভৈলা অবসান।
সশিষ্যে সমিক মুনি আইল সেই স্থান॥
চাৰি গুটি পক্ষী-ছাৱ তৈতে আছে হৈয়া
তাৰ চিঁউ চিঁউ নাদ শুনিলন্ত গৈয়া॥
চিউ-ঢ়প-ঢ়প পাছে কিসে কৰে বুলি।
সমিকে চাহিলা পাছে ঘণ্টা গোট তুলি॥
পিঙ্গাক্ষ বিৰাধ আৰু সুপুত্ৰ সুমুখ।
এই চাৰি ধৰ্ম্ম-পক্ষী পায়ে বড় দুঃখ॥
দেখিয়া সমীকে তাসম্বাক নিলা ঘৰে।
ভুঞ্জায় আহাৰ তুলিলন্ত দয়াভৰে॥
সিটো পক্ষী আৱে বিন্ধ্য-পৰ্ব্বতত আছে।
ছেদিবে সংশয় যায়ো তাসম্বাৰ কাছে॥
 হেন শুনি জয়মিনী বিন্ধ্য-গিৰি যাই।
পুছিলা অনেক কথা সিসবক পাই॥
পক্ষী সকলয়ো তাক কহিলা প্ৰত্যেক।
চৌদ্ধয় মনুৰ জন্ম তাতে কহিলেক।
তাৰ প্ৰসঙ্গত চণ্ডী কহিলা সমুলি।
মাৰ্কণ্ডেয়-ভাগুৰীৰ সংবাদ দেওঁ বুলি॥
সেহি সপ্তশতিকাৰ আৰম্ভিৰ্লোঁ পদ।
একচিত্ত হুয়া শুনিয়োক সভাসদ॥