পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্রীশ্রীচণ্ডী ।


 মন্দপাল নামে যিটো মুনি সৰ্ব্বজান।
পৃথিবীত নথাকিলা তাহাৰ সন্তান॥
পক্ষী বেশে অল্পকালে হোৱয় সন্ততি।
এহি চিন্তি পক্ষী হুয়া ভৈলা উতপত্তি॥
জৰিতা লপিতা নামে তানে দুই নাৰী
জৰিতাৰ গৰ্তে ভৈলা পাছে পুত্ৰ চাৰি॥
জৰিতাৰি সাৰিসক্ৰ বড় দুই জন।
স্তম্বুমিত্ৰ দ্ৰোণ দুই কনিষ্ঠ নন্দন॥
দুৰ্ব্বাসাৰ শাপে বপু নামে অপেশ্বৰী।
তাৰ্ক্ষা নামে কন্যা ভৈলা পক্ষী জন্ম ধৰি॥
গৰুড়-বংশত জাত সেহি কন্যাখানি।
সবাতে কনিষ্ঠ দ্ৰোণে বিহাইলন্ত আনি॥
সুকৃসে শাপিছে যিটো পুত্ৰ চাৰিজন।
তাৰ্ক্ষাৰ গৰ্ভত তাৰা ভৈলা উপাসন॥
ষোল্ল বৰিষত তাৰ্ক্ষা গৰ্ভৱতী ভৈলা।
অনুক্ৰমে সাত পক্ষ কাল বহি গৈলা॥
কুৰুক্ষেত্ৰ লাগি তাৰ্ক্ষা গৈলা তাত পৰে।
দেখিলা দুৰ্ঘোৰ যুদ্ধ কুৰু পাণ্ডবৰে॥
ভগদত্ত সহিতে অৰ্জ্জুনে যুদ্ধ কৰে।
আকাশ নিঃসন্ধি ভৈলা দুহন্তৰ শৰে॥
তাৰ শৰ লাগি তাৰ্ক্ষা ভৈলা দুই খণ্ড।
গৰ্ভ হৈতে খৰি গৈলা চাৰি গুটি অণ্ড॥
মানুষৰ তেজে মাংসে ছন্না বসুন্ধৰী।
নভাঙ্গিলা অণ্ড তাৰ উপৰত পৰি॥