পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্রীশ্রীচণ্ডী।


আপন সত্যক পালি দিলোঁ নিজ-কায়া।
ক্ষুধা-তৃষ্ণা জিনি সুস্থ হৌক মোক খায়া॥
ঋষিৰ কৰ্ম্মক দেখি লভিয়া বিস্ময়।
ইন্দ্ৰে বোলে হেৰা মোক মাংস নলাগয়॥
মই ইন্দ্ৰ ছদ্ম কৰি আইলোঁ পক্ষী-বেশে।
তুষ্ট ভৈলো পৰীক্ষিয়া চৰিত্ৰ আৱেসে॥
ক্ষমিবাহা ইটো দোষ বৰ দেওঁ আৰ।
আজি ধৰি দিব্য-জ্ঞান হৈবেক তোমাৰ॥
ধৰ্ম্ম-তপ আচৰন্তে বিঘ্ন নুহুবেক।
এহি বুলি ইন্দ্ৰে নিজ-থানক গৈলেক।
 পাছে পুত্ৰগণে প্ৰণমিয়া যাই শিৰে।
বাপক সম্বুদ্ধি বুলিলন্ত ধীৰে ধীৰে॥
মোহে অন্ধ হৈয়া আমি-আচৰিলোঁ পাপ।
মৃত্যু-ভয়ে তযু বাক্য নকৰিলোঁ বাপ॥
হুয়োক প্ৰসন্ন আৱে গুচায়োক শাপ।
পক্ষী-জন্ম ধৰি যেন নলভিবোঁ তাপ
সুকৃস বদতি কিনো দৈব-বল ঘোৰ।
মিলাইলে অকৰ্ম্ম চিত্ত থিৰ নহে মোৰ॥
কদাচিতো মোৰ বাক্য নুহিবে অন্যথা।
প্ৰসন্ন কৰিলা মোক শুনা,আৰ কথা॥
পক্ষী হুয়া মোৰ অনুজ্ঞায় হৈবা জ্ঞানী।
লভিবা সিদ্ধিক পাছে পৰমাৰ্থ জানি॥
ঋষিৰ শাপৰ কথা এহি মানে থওঁ।
যাৰ বংশে জন্ম ভৈলা তাৰ কথা কওঁ॥