পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীশ্ৰীচণ্ডী।


মায়াবী পক্ষীক এহি বুলি মহাঋষি।
চাৰিও পুত্ৰক বুলিলন্ত বিমৰশি॥
আমি তোমাসাৰ পিতা হওঁ গুৰুজন।
শুদ্ধমনে পালিবাহা আমাৰ বচন॥
পুত্ৰগণে বোলে বাপ কৰোঁ নমস্কাৰ।
আজ্ঞা কৰা কিবা লাগে কৰিবোঁ তোমাৰ॥
বাপে বোলে ইটো পক্ষী অতিথি আমাৰ।
ভোজন দিবাক কৰি আছোঁ অঙ্গীকাৰ॥
মাংস-ৰুধিবক তোৰা দিয়ো তাকে খাই।
স্বস্থ হৌক পক্ষী ক্ষুধা-তৃষ্ণাক এড়াই॥
মুনি-পুত্ৰগণে ভয়ে কম্পমান হই।
বোলে ইটো কথা কৰিবাক যোগ্য নুই॥
যেহি পুত্ৰ সেহি বাপ ইটো বেদ-বাক
কেনে পৰ-অৰ্থে চাহা পুত্ৰ মাৰিবাক॥
তযু দেনা পিতৃ-ঋণ সুজিবোঁ আপুনি।
দেহাকে দিবেক পুত্ৰে কৈত আছা শুনি॥
জীৱন্তে থাকিসে কৰিবাক পাৰি ধৰ্ম্ম।
বেদে কহে আপুনাৰ সেই বড় কৰ্ম্ম॥
বিপ্ৰে বোলে পুত্ৰ হুয়া নমানাস বাপ।
পাইবাহা পক্ষী জন্ম দিলোঁ এহি শাপ॥
এহি বুলি আপুনাৰ তেখনে আপুনি।
প্ৰেত-কাৰ্য্য কৰি পাছে বুলিলন্ত মুনি॥
সত্য বাক্য নছাড়িলে তাকে বিপ্ৰ বুলি।
যজ্ঞত অধিক ফল পাইবে সমূলী॥