পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীশ্ৰীচণ্ডী ।


সুকৃস মুনিৰ পাছে বিন্ধ্য-পৰ্ব্বতত।
ভৈলা চাৰি পুত্ৰ পিতৃ-মাতৃৰ ভকত॥
একদিন প্ৰতি ইন্দ্ৰে আইল ছদ্ম কৰি।
দুই পক্ষ ভগ্ন বৃদ্ধ-পক্ষী-ৰূপ ধৰি॥
সুকৃসৰ সত্য-ধৰ্ম্ম জিজ্ঞাসিবে প্ৰতি।
ঋষিক সম্বুদ্ধি পাছে পক্ষী নিগদতি॥
বিন্ধ্য-গিৰি-শিখৰত মোৰ বাস-ঠাই।
তৈতে একগোট পক্ষী পৰিল উড়াই॥
দাৰুণ দুৰ্জ্জয় পক্ষী তাৰ পাক্ষি বাই।
অলক্ষিত বেগে মোক নিলেক উড়াই॥
তাৰ চোঁতে পৃথিবীত পড়ি সাত দিন।
মূৰ্চ্ছা গৈয়া আছিলোঁহো ভৈলোঁ বলহীন॥
অষ্টম দিনত আজি লভিয়া চেতন।
ভোখে প্ৰাণ যাই আমি লৈলোঁহো শৰণ॥
দিওক আহাৰ মোক লাগি কিছুমান।
যেন তেন মতে মোৰ ৰক্ষা পৰে প্ৰাণ॥
ঋষি বোলে দিবোঁ আমি যথেষ্ট আহাৰ।
কহ কিবা বস্তু খাইবে লাগায় তোমাৰ॥
পক্ষী বোলে নৰ-মাংস মোৰ প্ৰিয়কৰ।
মুনি বোলে হৰি হৰি কিনো অথন্তৰ॥
হেন বৃদ্ধ হুয়া পক্ষী নৰ-মাংস চাই।
জানিলোঁ কূৰূৰ বুদ্ধি উপশান্তি নাই!
অঙ্গীকাৰ কৰি আছোঁ আহাৰ দিবাৰ।
দেওঁ নৰ- মাংস কাৰ্য্য নাহি বুলিবাৰ॥