পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/২৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীশ্ৰীচণ্ডী।

তথাপিতো আৰম্ভিলোঁ শুনা অভিপ্ৰায়।
দুৰ্ল্লভ মনুষ্য-জন্ম বৃথা বহি যায়॥
নজানিলোঁ ধৰ্ম্ম-কৰ্ম্ম বিষয়ৰ ভোলে।
দুৰ্জ্জ মৃত্যুয়ে আসি চাপিলন্ত কোলে॥
যেন তেন মতে হৌক গোঁসানীৰ কথা।
যাক শুনি ভণি নৰে তৰয়ে সৰ্ব্বথা॥
আকে জানি দেৱী-লীলা শুনা অনুৰাগে।
আমি অজ্ঞানীৰ দোষ ক্ষমিবাক লাগে॥
পৰক নিন্দিলে তাত সিজে কোন কাম।
সদায় ভাবিয়ো ভবানীৰ গুণ-নাম॥

পূৰ্ব কথা

পূৰ্ব্বত জৈমিনী নালে তপোধন মুনি।
পুছিলা শঙ্কাতে মাৰ্কণ্ডেয়ত আপুনি॥
মাৰ্কণ্ডেয় বোলে মোৰ নাহি অবসৰ।
বিন্ধ্য-পৰ্ব্বতক প্ৰতি যায়ো মুনিবৰ॥
ধৰ্ম্ম পক্ষী চাৰি গোট তথাতে আছয়।
তাৰা সবে ইটো কথা সমস্তে জানয়।
সিটো চাৰি ঋষি-পুত্ৰ নাহিকে অন্যথা।
শুনা তাসম্বাৰ পূৰ্ব্ব জনমৰ কথা॥
পূৰ্ব্বতে তপস্বী মহামুনিৰ নন্দন।
সুকৃস তম্বুৰ নামে ভৈলা দুইজন॥