পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৸৵৹

দ্বিতীয় মাহাত্ম্য

মূল—ইথং নিশম্য দেবানাং বচাংসি মধুসূদনঃ।
চকাৰ কোপং শম্ভুশ্চ ভৃকুটীকুটিলাননৌ॥৯
ততোহতিকোপপূৰ্ণস্য চক্ৰিণো বদনাত্ততঃ।
নিশ্চক্ৰাম মহাতেজো ব্ৰহ্মণঃ শঙ্কৰস্যচ॥১০
পদ-মেধস বদতি কথা শুনা নৃপবৰ।
দুখৰ কাহিনী শুনি দেবতাগণৰ।
হৰিহৰ দুহন্তৰ কোপ উপজিলা॥
ভ্ৰূকুটী কুটিল মুখ দুহন্তৰ ভৈলা॥ ৯
ব্ৰহ্মা বিষ্ণু শঙ্কৰৰ ক্ৰোধ গুৰুতৰ
তেজপুঞ্জ বাজ ভৈলা তিনিৰো মুখৰ॥১০
 যোগ দিয়া কথাঃ—

 চতুৰ্থ পদত চৈত্ৰ শব্দ আছে আৰু এই চৈত্ৰৰ বংশত সুৰথ ৰাজাৰ জন্ম হয় বুলি কোৱা আছে। কিন্তু চৈত্ৰ কোন একো বিবৰণ নাই। সেই দেখি কবিয়ে তৃতীয় শ্লোকৰ পদ আৰু চতুৰ্থ শ্লোকৰ পদৰ মাজত এই খিনি পদ সুমাই দিছেঃ—

পূৰ্ব্বে দেব গুৰু বৃহস্পতিৰ ভাৰ্যাত।
চন্দ্ৰয় তনয় ভৈলা বুধ নামে খ্যাত॥
তাহান তনয় ভৈলা চৈত্ৰ মহামতি।
সপ্তদ্বীপ পৃথিবীৰ তেন্তে অধিপতি॥