পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
।৵৹

 কবিৰ মূল পুৰুষ জনৰ নাম ৺ ৰত্ন কন্দলি। এওঁ ধৰ্মাচাৰ্য্য বা গোঁসাই-মহন্ত আছিল। এওঁৰ বসতি আছিল লক্ষীমপুৰ জিলাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থাকা নাৰায়ণপুৰত।

লোহিত্যৰ উত্তৰ কুলত অনুপাম।
দেশ এক আছে নাৰায়ণীপুৰ নাম॥

 তাত বহুত বামুণৰ বসতি আছিল। কন্দলি কাশ্যপ গোত্ৰৰ বামুণ আছিল।

তথাতে আছিলা ৰত্ন কন্দলি ধৰ্ম্মাদি
কাশ্যপ গোত্ৰত জাত বিপ্ৰ সত্যবাদী॥

 সেই বংশত ৰমাপতিৰ জন্ম হয়। কাৰণবশে তেওঁ তামোলবাৰীত বসতি কৰে। এওঁ পদ কৰাত বৰ পটু আছিল বুলি জানা যায়। কিন্তু তেওঁৰ পদ পুথি কিবা আছে যদিও এতিয়া লেকৈ পোৱা হোৱা বহুদিনলৈকে সতি-সন্ততি নোহোৱাৰ কাৰণে তেওঁক মানুহে বন্ধ্যা কটকী বুলি মাতিছিল।  বহুদিনৰ মূৰত তেওঁৰ এটা লৰা ওপজে। লৰাৰ নাম ৰঘুপতি ৰাখা হয়। তেওঁৰ পুতেক বলোৰাম, বলোৰামৰ পুতেক ৰামন্যায়িক। ৰামন্যায়িকৰ পুতেক কৃষ্ণাচাৰ্য্য। এওঁ তামোল- বাৰীত বেচি দিন থাকিব নালাগিল।