পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮
শ্ৰীশ্ৰীচণ্ডী


খোৰা হুয়া পৰ্ব্বতত লঙ্ঘিবে কৰি সাস।
সেহিমতে ভৈলা ইতো আমাৰ প্ৰয়াস॥
তথাপিতো বৃথা নুহি মোৰ ইতো কৰ্ম্ম।
যাতো পাইবো দেবীগুণ কীৰ্ত্তনসে ধৰ্ম্ম॥
যাক সুমৰিলে পাইবে ভূকুতি মুকুতি।
সংসাৰক তৰিবাৰ এহিসে যুগুতি॥
ঘোৰ অন্ধকাৰে শ্ৰতি বুদ্ধি ভৈলা ভ্ৰষ্ট।
ধৰ্ম্ম প্ৰদীপক কলি কৰিলেক নষ্ট॥
সংসাৰ সাগৰে মগ্ন হৈ আছি সমুলি।
তাত হন্তে আন কোনে আনিবেক তুলি॥
গোসানীৰ নাম বিনে বন্ধু নাই জানি।
নিৰন্তৰে নৰে বোলা শঙ্কৰ ভবানী॥
চণ্ডীৰ চৰণ চিন্তি মই মূঢ়মতি।
একাহি শকত [১] পদ লেখিলো সম্প্ৰতি॥

অন্ত।


  1. একাহি শক-পাতনিত আলোচনা চাওক।