পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥৴৹

হল তাক ১৭৫৯ খৃষ্টাব্দত লিখা। অনুমান কৰিব পাৰি যে ইয়াৰ পূৰ্বে আৰু কোনো কবিয়ে চণ্ডীৰ পদ কৰিছিল, যদিও তেনে পদ আমাৰ হাতত পৰাহি নাই।

 গীতা বিষয়ত প্ৰাচীন অসমীয়া গ্ৰন্থ কেইবাখানো আছে। চণ্ডীৰ মূল্য হিন্দুসকলৰ মনত গীতৰ সমান। চণ্ডী বিষয়তো আৰু পুৰণি গ্ৰন্থ আছে বুলি অনুমান কৰা অযৌক্তিক নহয়।

(৪)

কবিৰ পৰিচয়

 এতিয়া প্ৰকাশ কৰা এই পদৰ কবি বিপ্ৰ ৰুচিনাথ। তেওঁৰ পৰিচয় এইৰূপঃ—

 ৰত্ন কন্দলি (ধৰ্মাচাৰ্য্য)

 এওঁৰ বংশত

  1. ৰমাপতি।
  2. ৰঘুপতি।
  3. বলোৰাম।
  4. ৰামন্যায়িক
  5. কৃষ্ণাচাৰ্য্য।
  6. ৰুচিনাথ (চণ্ডীৰ কবি)