পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭
শ্ৰীশ্ৰীচণ্ডী।

পদক কৰন্তে বিপ্ৰ আছিল প্ৰধান [১]
প্ৰথম কালত পুত্ৰ নাছিলা তাহান॥
তাতে নাম ভৈলা বন্ধ্যা কটকী প্ৰক্ষাত।
পাছে তান পুত্ৰ ৰঘুপতি হৈল জাত॥
তানে পুত্ৰ বলোৰাম গুণে আতিৰেক।
বলোৰ তনয় ৰাম নায়িক ভৈলেক॥
ভৈলা তান পুত্ৰ কৃষ্ণ আচাৰ্য্য প্ৰখ্যাত।
তাত হন্তে ৰুক্মিণীৰ গৰ্ভে ময়ি জাত॥
সেহি মই ৰুচিনাথ বিপ্ৰ অল্প মতি
পণ্ডিত জনক বোলা কৰিয়া মিনতি॥
আমাৰ বাক্যৰ দোষচয় ক্ষমা কৰি।
সাৰ বাচি কথা ৰস পিয়োক সাদৰি॥
ধুলিয়ো মিশ্ৰিত হুয়া ‘প ৰস থাকে।
ভ্ৰমৰে পিবন্ত সাৰ বিচাৰিয়া তাকে॥
তাত হন্তে ভ্ৰমৰাৰ কিবা হোৱে দোষ।
আকে জানি কথা ৰসে হুয়োক সন্তোষ॥
কল্কি পুৰাণৰ [২] পদ কৰিলোহো আগে।
ৰচিলো চণ্ডীৰ পদ আবে অনুৰাগে॥
পূৰ্ব্ব কৰি সকলৰ কবিতাক দেখি।
আৰম্ভিলো পদ নিজ সকতি নাপেক্ষি॥


  1. ৰমাপতিৰ কৃত কোনো পদ এতিয়াও আমাৰ পোৱা হোৱা
    নাই।
  2. কল্কি পুৰাণ – এই পুথিৰ পদো আমি দেখা নাই। আনে
    পাইছে বুলিও শুনা নাই।