পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গ্ৰন্থকাৰৰ আত্ম-পৰিচয়।

 সংক্ষেপে ৰচিলো পাদ বাহুল্য পৰিহৰি।
এহি কৰ্ম্মে তুষ্ট হৌক জগত ঈশ্বৰী॥
পদ ৰচি সমৰ্পিলো গোসানীৰ পায়ে।
মই অজ্ঞানীৰ দোষ ক্ষমিয়োক মায়ে॥
নমো নমো ত্ৰৈলোক্য ঈশ্বৰী ভগবতী।
নষ্ট কৰা পাপ তাপ দিও শুভ গতি॥
ব্ৰহ্মাদিয়ো নজানয় তোমাৰ ভকতি।
কিমতে জানিবো মই অতি মুঢ়মতি॥
কেবলে পতিত আমি দুষ্ট দুৰাচাৰ।
তুষ্ট হুয়ো মাও তুমি গুণে আপোনাৰ॥
পতিত পাবনী তুমি জানে সৰ্ব্বলোক।
মই পতিতক মাও প্ৰসন্ন হুয়োক॥

 লোহিত্যৰ উত্তৰ কলুত অনুপাম।
দেশ এক আছে নাৰায়ণীপুৰ * নাম॥
মৃগাঙ্ক ৰাজাৰ সিতো স্থান প্ৰিয়তৰ।
বিশেষে বসতি স্থান বিপ্ৰ সকলৰ।
তথাতে আছিলা ৰত্ন কন্দলী ধৰ্ম্মাদি।
কাশ্যপ গোত্ৰত জাত বিপ্ৰ সত্যবাদী॥
তান বংশে জাত ভৈলা বিপ্ৰ ৰমাপতি।
তামোলবাৰীত তান ভৈলেক বসতি॥


  • নাৰায়ণী পুৰ-উত্তৰ লক্ষীমপুৰৰ নাৰায়ণপুৰ।