পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
শ্ৰীশ্ৰীচণ্ডী।


পূজা হোম বলিদান উৎসৱ বেলাত।
শ্ৰবণ কীৰ্ত্তন আক কৰয় যথাত॥
সেহি কৰ্ম্ম ময়ি লয়ো লভিয়া সন্তোষ।
নজানিয়া কৰিলেও নধৰোহো দোষ॥
মহা পূজা সময়ত আক শুনি নৰে।
ধন ধান্য পুত্ৰ পায়ে পীড়াক নিস্তাৰে॥
ইহাৰ শ্ৰবণে ৰোগ শত্ৰু হোৱে ক্ষয়।
যুদ্ধত নিৰ্ভয় হোৱে বিক্ৰম পাৱয়॥
উপজে কল্যাণ কুল আনন্দিত হই।
দুঃস্বপ্ন গ্ৰহ পীড়া পাপ হোৱে লয়॥
বৰিষেক ভবানীক পুজে নানা ভাৱে।
আক একবাৰ শুনি তাৰ ফল পায়ে॥
সৰ্ব্ব সঙ্কটত তাক ৰাখে মহেশ্বৰী।
বাহুল্যক দৰে পদে কৰিলো সংহৰি *॥১০-৩০

মেধস বদতি কথা শুনা নৰপতি।
এহি বুলি অন্তৰ্ধ্যান ভৈলা ভগবতী॥১১-৩২
দেবগণে পূৰ্ব্বমত পায়া অধিকাৰ।
ভুঞ্জিলন্ত সুখে যজ্ঞ ভাগ আপোনাৰ॥ ৩৩
যুদ্ধত নিশুম্ভ শুশু যদি হত ভৈলা।
অবশেষ দৈত্য সব পাতালক গৈলা॥
নিত্য হুয়া এহিমতে জগত ঈশ্বৰী।
লোকক পালন্ত বাৰে বাৰে অবতৰি॥৩৪-৩৬


  • সংহৰি-সংক্ষেপ কৰি।