পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বাদশ মাহাত্ম্য।

চণ্ডী পাঠৰ ফল

প্ৰতিদিনে মোৰ এহি স্তুতি যিতো নৰে।
ধাসাবন হুয়া ভক্তি ভাৱে পাঠ কৰে॥
তাৰ পীড়া গুচে ভুতহস্তে ভয় নাই।
যৈত পঢ়ে তাৰ গৃহ নচাৰো সদাই॥১-২
উতপাত গ্ৰহ পীড়া বালগ্ৰহ চয়।
ৰাক্ষস পিশাচ দুঃস্বপ্ন বিনাশয়॥
সংহতি ভাগিলে পুনু মিত্ৰবতী সাধে।
দুষ্ট সকলৰ বল বিক্ৰমক বাধে॥
মহিষ অসুৰ মধু কৈতভ অসুৰ।
দানব নিশুম্ভ শুম্ভ দানব দম্পূৰ॥
ইসবৰ বধ কথা দেবীৰ চৰিত্ৰ।
গোসানীৰ স্তুতি তাতে পৰম পবিত্ৰ॥
অষ্টমী নবমী চতুৰ্দ্দশী তিথি পাই।
ভক্তি ভাৱে আক যিতো শুনে সমুদাই॥
নাহিকে আপদ নাহি মিত্ৰৰ বিয়োগ।
নুহিবে দাৰিদ্ৰ তাৰ নাহি পাপ ৰোগ॥
ৰাজ অগ্নি অস্ত্ৰ শস্ত্ৰ শত্ৰুজন চোৰ।
আত হন্তে তাৰ নুপুজিবে ভয় ঘোৰ॥
শ্ৰবণ কীৰ্ত্তন আক যি জনে কৰয়।
গুচে উতপাত দোষ তাৰ মাৰি ভয়॥৩-৯