পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
শ্ৰীশ্ৰীচণ্ডী।


ঋষিগণে কৰিবেক স্তুতি অনুপাম।
সি বেলাত হৈব মোৰ ভীমা দেবী নাম॥৫২
বিবেলাত অৰুণাক্ষ দানব দুৰ্ব্বাৰ।
উগ্ৰ পীড়া কৰিবেক তিনিও লোকৰ॥
বধিবো ভ্ৰমৰা যুথ হৈয়া পাছে তাক।
ভ্ৰামৰী বুলিয়া লোকে বৰ্ণাবে আমাক॥৫৩-৫৪
বিস্তাৰ কৰিয়া শুনা মোৰ হিতবাক্য।
যেখনে যেখনে দৈতে পীড়ে তোমাসাক॥
তেখনে তোমাৰ শত্ৰু কৰিবো সংহাৰ। ৫৫
শুনিয়োক দেবগণ বৰ দেওঁ আৰ॥