পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
শ্ৰীশ্ৰীচণ্ডী।

উতপাত পাপ তাপ শোক নিৰন্তৰ।
বিনাশিয়ো জগতৰ দিয়ো ইষ্ট বৰ॥
তোক প্ৰণামো দেবাসুৰ নৰ লোক।
প্ৰণত জনত মাও প্ৰসন্ন হুয়োক ৩০-৩৫ *
দেবী বোলে বৰদাতা হুয়ো দেবগণ †।
জগতৰ হিত বৰ লৈও যেন মন॥৩৬-৩৭
দেবগণে বোলে মাও মাগো এহি মান।
এহি মতে দুষ্ট দৈত্য কৰিবা নিৰ্য্যাণ॥
তাত হন্তে খণ্ডিবেক তিনিয়ো লোকৰ।
সমন্তে দুৰ্গতি দুখ পীড়া নিৰন্তৰ॥৩৮-৩৯
দেবীয়ো বোলন্ত যুগে যুগে অবতৰি। ৪০
সাধিবো তোমাৰ হিত দৈত্যক সংহৰি॥
যিকালত যেন যত যিবাৰূপ ধৰি।
সাধিবো হিতক তাক শুনিয়ো সাদৰি॥
বৈবস্বত মন্বন্তৰ যেবে আসি পাইব।
সপ্ত বিংশ দিব্য যুগ তাৰ বহি যাইব॥
আঠাইশ যুগত পুনৰপি মহা ক্ৰৰ।
হৈব দুই গোটা শুম্ভ নিশুম্ভ অসুৰ॥৪১
নন্দ গোয়ালৰ ঘৰে মই সি বেলাত।
যশোদা মায়ৰ গৰ্ভ হন্তে হৈবো জাত॥


  * দেবা-স্তুতি খিনি সংস্কৃতত বৰ প্ৰাঞ্জল শ্লোক। এই খিনি আমাৰ কবিয়ে তিমান সুন্দৰৰূপে অনুবাদ কৰিব পৰা নাই।   † মূলত “বৰদাহং” আছে। অৰ্থাৎ, “মই বৰ দিব খুজিছোঁ”। গতিকে এই শাৰীৰ যথাৰ্থ অৰ্থ প্ৰকাশ হোৱা নাই।