পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
শ্ৰীশ্ৰীচণ্ডী


বহুবিধ উতপাত  মিলিলেক সিবেলাত
 বহিলেক প্ৰচণ্ড বতাস।
শুম্ভ হত ভৈলা যেবে, সি সব গুচিলা তেবে,
 প্ৰসন্ন ভৈলেক দশোদিশ॥
অমঙ্গল নষ্ট গৈলা  আকাশ নিৰ্ম্মল ভৈলা,
 সুস্থ ভৈলা সবে চৰাচৰ।
লোকৰ বহায়া আয়ু,  বহে সুমঙ্গল বায়ু
 উজ্জ্বলিত ভৈলা দিবাকৰ।
অশুভ লক্ষণ চয়, অগনিৰ ভৈলা ক্ষয়
 শান্ত হুয়া জ্বলিবাক লৈলা। ২৮-২৯ আৰু ৩২
নষ্ট ভৈলা শক্ৰচয়,  দেখি দেব সমস্তয়
 আনন্দ সাগৰে মগ্ন ভৈলা॥
সি বেলাত মনোনীত,  সুললিত কৰি গীত
 গাইবে লৈলা গন্ধৰ্ব্ব সকলে।
কতোহো গন্ধৰ্ব্বগণে,  চেৱ ধৰি সেহি ক্ষণে,
 বাদ্য বজাইলন্ত কৌতুহলে॥
উৰ্ব্বশীক আদি কৰি,  যত দেব অপসৰি,
 নাচিলন্ত মনত হৰিষে।
চাৰণ কিন্নৰ গণে,  স্তুতি কৰিলন্ত ঘনে,
 দেবগণে পুষ্পক বৰিষে॥৩০-৩১
পাচে ইন্দ্ৰ চন্দ্ৰ সমে,  অগণি বৰুণ যমে,
 আনো দেবগণো সমুদাই।
প্ৰসন্ন ভৈলেক বিধি,  পাইলা যেন নবনিধি
 মনৰ বাঞ্ছিত ফল পাই॥