পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১০১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নবম মাহাত্ম্য।



নিশুম্ভ বধ।



 ৰাজায়ে বােলন্ত ঋষি কি নাে অদভুত।
দেবীৰ মহিমা লীলা কহিলা বহুত॥
পুনু শুনিবাক চাওঁ গােসানীৰ লীলা।
শুনিলাে যে মতে ৰক্ত বীজক বধিলা॥
তাক শুনি মহাক্রোধী স্বভাবে দ্বন্দুৰ।
কি কৰিলা পাছে শুম্ভ নিশুম্ভ অসুৰ॥১-৩
মেধস বদতি কথা শুনা নৰেশ্বৰ ।
যুদ্ধত পৰিলা যেবে দানব বিস্তৰ ॥
মৰিলেক ৰক্তবীজ দৈত্য মহাবলী।
তেবে শুম্ভ নিশুম্ভৰ কোপ গৈলা জ্বলি ॥৪-৫
সমৰে মৰন্তে আছে নিজ সেনাগণ।
দেখিয়া নিশুম্ভে খঙ্গে বাঢ়ি দিলা ৰণ॥৬
নিশুম্ভৰ আগ পাছ দুয়ো পাসে যুৰি।
বৰ বৰ দৈত্য পাছে দশন কামুৰি॥
দেবীক বধিতে প্রতি আসিলেক ধাই ।
শুম্ভেয়াে আসিল নিজ সেনাক জন্তাই ॥৭
প্ৰথমতে মহাবীৰ শুম্ভ নিশুম্ভৰ ।
মাতৃগণ সমে ভৈলা দাৰুণ সমৰ॥
দুয়ো দৈত্যে প্রহাৰিলা নানাবিধ ৰাণ।
মাতৃয়ো কৰিলা নিজ অস্ত্ৰৰ সন্ধান॥