পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
শ্রীশ্রীচণ্ডী।

সিত দৈত্য সমস্তক কালীয়ে ভুঞ্জিলা৷
দানবৰ শােণিতক সমস্তকে পীলা॥
গদা ধৰি ৰক্তবীজে দেবীক তাৰিলা।
কিঞ্চিতেকো পীড়া তাঙ্ক দিতে নপাৰিলা॥ ৫৭-৬০
পাছে শূল খড়্গ বজ্ৰ বাণ আদি হানি।
ৰক্তবীজ অসুৰক তাৰিলা ভবানী॥
শস্ত্র ঘায়ে স্ৰবি গৈলা শােতিত অপাৰ।
কালীয়ে পিলন্ত সৱে শােণিতক তাৰ॥
স্ৰবন্তে স্বৱন্তে শােণিতৰ ভৈলা ক্ষয়।
শােণিতে ৰহিত ভৈলা দানব দুর্জ্জয়॥ ৬২
অস্ত্র ঘায়ে মৰি পাচে ভুমিত পৰিলা।
দেখি দেবগণে বৰ আনন্দ পাইলা॥
শােণিতৰ গন্ধে মত্ত হয়া মাতৃগণে।
নাচিবে লাগিলা আতি আনন্দিত মনে॥
নচুয়াই অস্ত্র শস্ত্ৰ উপৰক তুলি।
চেৱ ধৰি ডেব কৰে জয় জয় বুলি ॥৬৩