কৃষ্ণৰ প্ৰসাদে নৃপ, ভুঞ্জিলন্ত সাতোদ্বীপ,
ধৰ্ম্ম দেহা চুইলে হৰে পাপ।
হেন নাহি একো নৰে, পাপত কুচৰ্চ্ছা কৰে,
সাক্ষাতে প্ৰজাৰ মাৱ বাপু॥ ৫৭
লোকৰ একান্ত মতি, কৰন্ত ভকতি নীত,
ৰাজাৰেসে চিন্তৈ হীত কাৰ্য্য়।
দেবতো মাগন্ত বৰ, হৰিশ্চন্দ্ৰ নৰেশ্বৰ,
যুগে যুগে কৰন্তোক ৰাজ॥
সব্যা পটেশ্বৰী যাৰ, স্ত্ৰীৰত্ন মাজে সাৰ,
যেন লক্ষ্মী কৃষ্ণৰ ওচৰ।
গুণত যে হেন বিধি, যেহি বাঞ্চে সেহি সিদ্ধি,
ভোগে যেন দুতি পুৰন্দৰ॥ ৫৮
এহিমতে অযোধ্যাত, আছাযেবে নৰ নাথ,
দিনেক মন্ত্ৰীক আদেশিলা।
মৃগ মাৰিবাৰ কাজে, যাইবো বিজু বন মাজে,
আনা সৈন্য নকৰি গাফিলা॥
ৰাজাৰ আদেশ পালি, উঠি মন্ত্ৰী গাৱ চালি,
হাঙ্কাৰি আনিলা সমৰাজ।
অনন্তৰে নৰেশ্বৰ, হস্তে ধৰি ধনু শৰ,
যাত্ৰা কৰি আসিভৈলা বাজ॥ ৫৯
আৰোহিলা দিব্য ৰথ , ধৰিলা বনৰ পথ,
অলক্ষ নৃপতি সেৱা কৰে।
কতোহো চামৰে ধূলি, কতো শ্বেত ছত্ৰ তুলি,
মাথাৰ উপৰ কৰি ধৰে॥
অসংখ্যাত সেনা গণে, অস্ত্ৰ শস্ত্ৰ তেতিক্ষণে,
যোগান ধৰিয়া আগে পাছে।
বাৱে নানা বাদ্য় ভণ্ড, চতুৰ্দ্দোলে ছত্ৰদণ্ড,
তুলি ধৰি সৈন্য গণ কাছে॥ ৬০
অসংখ্য সহস্ৰ ৰথ, চলি যাই ৰাজ পথ,
ধ্বজ দণ্ড গগণ বিয়াপি।
চতুৰঙ্গ সেনা বলে, যুৰি সবে জলে থলে,
চলে এক যুপ কৰি ব্যাপী॥
লক্ষকোটি গজ বাজী, চলি যাই এক লাঞ্জি;
গজ ঘণ্টা শবদ আস্ফাল।
চিহৰে অশংখ্য ঘোৰে, প্ৰচণ্ড প্ৰজাৰ গিৰে,
ঘনে ঘনে যাই ভূমি চাল॥ ৬১॥
এহি মতে মহাৰাজ, চলি যান্ত বন মাজ,
দোখলন্ত বিমঙ্গলে হেতু।
সৰ্প আসি বাজ ভৈলা, দক্ষিণে শৃগাল গৈলা,
আগত পৰিলে ধূমকেতু॥
ফন্দে ৰাম কৰ উৰু, অনা বায়ু ভাগে তৰু;
পৰ্ব্বত শিখৰ পৰে খসি।
সঘনে নিৰ্ঘাত পৰৈ, ঘনে ঘনে ভূমি লৰৈ,
এক আকাশত দুই শশী॥ ৬২ )
দেখি মন্দ, অভিপ্ৰায়, মনত উৎসাহ নাই,
তথাপি বিপাকে নেই টানি।
এহি মতে মহা ভাগ, অৰণ্যক পাইলা লাগ,
আদেশিলা মৃগ মাৰা হানী॥
শুনি সবে সেনাগণে, পশি সেহি ঘোৰ বনে,
খেদি মাৰে হড়িণা বৰাহ।
কতো কতো জাল পাতি, শাল দাঙ দিয়া আতি,
কতো কৰৈ অৰণ্যক দাহ॥ ৬৩॥
নৃপতিয়ো ৰথ এড়ি, একতেজি ঘোড়ে চড়ি,
পশিলন্ত সেহিবন মাজ।
হাতে ধৰি ধনুৰ্ব্বান, দেখিলন্ত বিদ্যমান,
আগে উপসন্ন মৃগৰাজ॥
দেখি ৰাজা সেহি চেগে, শৰে বিন্ধিলন্ত বেগে,
সিয়ো অন্তৰিয়া মৃগবৰ।
জীৱ ভয়ে তেতিক্ষণে, বিজুলি চমকে যেন,
বায়ু বেগে দিলেক লৱৰ॥ ৬৪
ৰাজায়ো ঘোড়াত উঠি, পাছত দিলন্ত ছুটী,
খেদি যাই হাতে পাই পাই।
যত ৰথ বাজী গজ, কেহু নপাইলেক লাগ,
একেশ্বৰে গৈলা মহাৰায়॥
পৃষ্ঠা:শ্ৰীশঙ্কৰ বাক্যামৃত.pdf/৯
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫
হৰিশ্চন্দ্ৰ উপখ্যান