তাক নিন্দা কৰৈ যিটো কুমতি ৷ পুণ্যক নাশি যায় অধোগতি ॥৯০ আহ্মাৰ বোলে পতিয়ান নাই । দেখিয়ো সুতসংহিতাক চাই # ৰজোগুণে কৰৈ কৰ্ম্মত প্ৰীতি । কৰ্ম্মীৰ দত্ত ভাৱ ৰাঢ়ে নিতি॥৯১ কৰে হিংসা ধৰ্ম্ম নোপোজে বোধ। নুগুচয় যেন সৰ্পৰ ক্ৰোধ ৷৷ হাসৈ বৈষ্ণৱক যিটো নিষ্ফল। পাচত সমূলঞ্চে যাই তল ॥৯২ শ্রী ধন জন যৌৱন মদে । অন্ধ হোৱৈ বিঘা গৰ্ব্বৰ পদে ॥ বিষ্ণু বৈষ্ণৱক জপায়া নিন্দে । হৰিনামে তাৰ কাণত বিন্ধৈ ॥৯৩ হৰ্ভিককে যিজনে হাসে । মুবুজি বেদৰ অৰ্থ বিনাশৈ ৷৷ জগততে বিষ্ণু আছত্ত ব্যাপি ৷ শুনিয়ো তাক নুবুজয় পাপী ॥৯৪ স্ত্রী মঘ মাংস সেৱাৰ কথা ৷ কৈ মৰৈ কৰৈ জন্মক বৃথা ॥ নুবুজে বেদ অভিপ্রায় গূঢ় ৷ কৰ্ম্মকো কৰিবে নজানৈ মুঢ় ॥৯৫ মূর্খ হুয়া বোলে মঞি পণ্ডিত । নষ্ট কৰি ফুৰৈ আনৰো চিত্ত নিষ্কামে কৰিয়া সকল কৰ্ম্ম । বিষ্ণুত অৰ্পিৰ মিসৰ ধৰ্ম্ম ॥৯৬ প্ৰৱণ কীৰ্ত্তন তাহাৰো ফল । মিছাত নজানি নিলৈ নিষ্ফল ॥ জাহ্মাৰ বোলে অপ্রত্যয় যাহা । একাদশ অদ্ধে বিচাৰি চাহা ॥৯৭ বিষ্ণু বৈষ্ণৱৰ নিপা গুচিবে কারনগুলি । সমস্তে পুণ্য নষ্ট হোৱৈ তাৰ । নৰকত পৰৈ নাহি নিস্তাৰ ॥৯৮- বিষ্ণু বৈষ্ণৱক কৰৈ ধিঙ্কাৰ ৷ কাটিবে মণ্টিলে জিহ্বাৰু তাৰ ৷ শাস্তি কৰিবাক যেৱে ৰপাৰি । গুচিবে কাণত আঙ্গুলি গাৰি ॥৯৯, নিন্দা শুনি যদি তৈৰ মুগুচৈ। কল্পেক মানে নৰকত পচে ৷ যাইবাক যদি নাহি আন থান । তথাতে এৰিব আপুন প্রাণ ॥১০০ তেরেসে হোৱে প্রায়শ্চিত্ত আতি ৷ দক্ষৰ যজ্ঞত কহিলা সতী !! আহ্মাৰ বোলে অপ্রত্যয় যাইবা। চতুৰ্থ স্কন্ধত বিচাৰি পাইৰা ॥ ১০১ যত তপ ধৰ্ম্ম বেদ বেদাঙ্গ । হৰিনাম বিনে মুহি সসাঙ্গ # হেন হবিনামে নাহি বিশ্বাস । কিমতে এৰাইব মৃত্যুৰ ত্ৰাস ॥১০২ দ্বাদশ স্কন্ধৰ তত্ত্ব উদ্ধাৰি ৷ কহিলন্ত শুকে উপসংহাৰি ৷৷ জ্ঞানতো কৰ্ম্মতো কৰি সম্প্ৰতি । হৰি কীৰ্ত্তনেসে পৰম গতি ॥১০৩ উৰেষা বাৰাণসী ঠারে ঠারে । কবিৰ গীত শিষ্টত্সবে গাৱে # তথাপিতো আখি ফুটিল তাৰ । হৰি কীৰ্ত্তনক কৰৈ ধিস্কাৰ ॥১০৪ শুনা সৰ্ববন্ধন করে৷ সাক্ষাত । মূঢ়ৰ বোলত নাহি সঞ্জাত ৷ বোলোক আমি ভাগৱত চাই । ভেৱেসে জানে৷ তাৰ মুনিয়াই ॥১০৫ পুৰাণ সূৰ্য্য মহাভা বেদান্তৰো ইটো পর।
পৃষ্ঠা:শ্ৰীশঙ্কৰ বাক্যামৃত.pdf/৮৭
অৱয়ব