সনত কুমাৰে দিলা উত্তৰ । নামৰ দ্ৰোহী যিটো পাপী নৰ ৷ সততে ফুৰৈ হৰিনাম গাই । তেৱেসে নামৰ দ্ৰোহ এৰাই ॥৬২ স্বৰূপ শুনা : ঋষি উদাসীন। যিজন নাম অপৰাধহীন ॥ হৰিৰ তেৱে একে নামে তবে। শুনৈ বা ভণৈ বা মনত স্মৰৈ ॥৬৩ কহিলা ৰহস্থ্য মোত শঙ্কৰে ৷ আৰু যিটো নৰে কীৰ্ত্তন কৰে ৷৷ মুকুতি পাৱৈ এৰাই অপৰাধ ৷ কহিলো নাৰদ নাহিকৈ বাধ ॥৬৪ পৰম বান্ধৱ হৰিৰ নাম । যিজ্ঞান আৰু লৱৈ অবিশ্ৰাম ৷৷ তাৰ সাত কাৰ্য্য সাধিবে দেখা। প্ৰতি প্ৰতি লোৱা সাতৰো লেখা ॥৬৫ প্রথমে দহিবে পাতেকচয় ৷ কৰিবে মহা পুণ্য অভ্যুদয় !! কৰাইবে বিষয়ত বিৰকতি । কৃষ্ণত বঢ়াইবে প্রেম ভকতি ॥৬৬ উপজাইবে মহা বৈষ্ণৱ জ্ঞান। মায়াকো কৰিবে দহি নিৰ্য্যাণ ৷ চৈতন্য মূৰ্ত্তি পূর্ণানন্দ হৰি । থৈবেক তেস্তেএৰে একে কৰি ॥৬৭ তেৱসে নাম হুইবে উপশান্ত । কহিলো পৰম তত্ত্ব একান্ত নাম বিনে নাহি কলিত গতি। কলিৰ লোক হুইৰে পাপমতি ॥৬৮ অন্যত্র ধর্ম্মে নাহি অধিকাৰ । জানিবা কলিত নামেসে সাৰ কলিত সদা নুসুৰৰে ; হৰি । হেলাত মৰে আত্মা ১১
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে । মনুষ্য জম্মক নগায় সেইৰে * * সহজে আক বৃথা কৰা কিনো অভাগী। মাণিকক বিকা কাচক লাগি ॥৭০ কেতিক্ষণে কিবা পৰে বিষাত ৷ তথাপি চেতন নাহিকৈ গাত ৷ আজি কালি কিবা মিলৈ মৰণ । হৰিৰ নামত লৈয়ো শৰণ ॥৭১ নকৰিবা নিন্দা মোক মহত্তে । আসিল শাস্ত্ৰ বাৰাণসী হস্তে । তাহাক চাই নিবন্ধিলো পদ । হৰি হৰি বুলি তৰা আপদ ॥৭২ নামাপৰাধ সমাপ্ত পাষণ্ড মদন ঘোষা কলিৰ ধৰ্ম্ম হৰিনাম জান । পাপীৰ নিন্দাত নেদিৰা কাণ ৷৷৷৷৷ প কহিলা শুকে বেদান্তৰ মৰ্ম্ম। শুনা পৰীক্ষিত কলিৰ ধৰ্ম্ম । কলিসে শ্রেষ্ঠ চাৰি যুগ মাজে ৷ প্রশংসে কলিক জ্ঞানী সমাজে ॥৭৩ অপ্রয়াসে সিজৈ কলিত পুণ্য ৷ কলিৰ শুনা যেন মহা গুণ। কৰিয়া কলিত কীৰ্ত্তন আতি । পাৱৈ বৈকুণ্ঠক চৌত্রিশ জাতি 198 সত্যযুগে কৰি ধ্যান সমাধি । ত্রেতাত সমস্তে যজ্ঞে আৰাধি । দ্বাপৰে পুঞ্জৈ মানা ভক্তিভাৱে । কলিত কীৰ্ত্তন সি গতি পারে ॥৭৫