তুলি লৈবে নপাৰিয়া লৈযান্ত ঘসাই।
শৰীৰৰ বস্ত্ৰ কাঢ়ি ডোলক লগাই ৷৷৪৩
গোটে গোটে পেডা কতো ধৰন্ত সাবতি।
আনে ওচৰক যান্তে লাগে হতা হতি॥
দেন্ত উকি পুত্ৰ ভাতৃ বাৰ নাম কাঢ়ি ৷
আলগাই নেন্ত পাছে সাতে পাঞ্চ বেঢ়ি ৷ ৪৪
সুবৰ্ণৰ ঝাৰি খুৰি আছে লক্ষ কোটি।
তাক দেখি কতো ব্ৰাহ্মণৰ আতি মুতি ৷৷
জোট কৰি বান্ধে ওপৰৰ বস্ত্ৰ কাঢ়ি।
দুই হাতে লৈ যান্ত কান্ধত কতো আৰি ৷৷ ৪৫
তথাপি কৰন্তে যান্তে মনত বিকল।
মোৰ কি নভৈল হস্তী গোট মান বল ৷৷
আজি লেযা গেলো হন্তে ভণ্ডাৰ উলাশী ৷
শতেক পুৰুষ সুখে খাইলো হন্তে বসি ৷৷৪৬
কতো দ্বিজগণে কঙ্কালত বস্ত্ৰ কাছি।
ৰূপে ওপছাযা মাথে লৈযা যান্ত পাছি ৷৷
আন্দোল কৰিযা চলি যান্ত বোঝা শিৰে।
দলদোপ বসুমতি ব্ৰাহ্মণৰ ভীৰে॥ ৪৭
জোতা জোতে আসন্ত দ্বিজ নিৰন্তৰ।
চিৰঞ্জীৱ হৌক হৰিশ্চন্দ্ৰ নৃপবৰ ৷৷
যাহাৰ যজ্ঞক ত্ৰৈলোক্যতো নাহি সৰি।
অদৰিদ্ৰ তৈল দুখী ভিক্ষী দেশান্তৰি ৷৷ ৪৮
অন্যথানে কোনে এনে ব্ৰাহ্মণক দিব।
হৰিশ্চন্দ্ৰ সম দাতা নাহি নুপজিব॥
থাকিলা কিৰীটি যাৱে চন্দ্ৰ দিবাকৰ।
এহি কথা মতে সবে চলি যান্ত ঘৰ॥ ৪৯
ৰাজাৰ সহস্ৰ কোটি ভণ্ডাৰ অনেক।
নপাৰিলে নিবে শত ভাগৰো ভাগেক॥
আনো যত প্ৰজা যজ্ঞ শালে আছে আসি।
দিলা বস্ত্ৰ অলঙ্কাৰ বহু ধন ৰাশি॥ ৫০
ৰাজসূয় যজ্ঞে তুষ্ট ভৈলা চৰাচৰ।
ত্ৰিদসে সহিতে আনিলন্ত পুৰণ্ডৰ॥
স্বগতো বসিয়া সশন্ত দেৱগণ।
ধন্যধন্য হৰিশ্চন্দ্ৰ সাম্ফল জীৱন॥ ৫১
পাতালতো যশ বাখানন্ত দৈত্য নাগে।
কিনো মহা যজ্ঞ কৰিলন্ত মহা ভাগে॥
নভৈলন্ত নোপজিব চৈধ্য ভুবনত।
সাম্ফল জন্মিল ৰাজা মাতৃৰ গৰ্ভত॥ ৫২
পক্ষিগণ বদতি জৈমুনি শুনিযোক।
যজ্ঞত নভৈল তুষ্ট নাহি হেন লোক॥
গণেশৰ ছিদ্ৰ অন্বেষণ
বিঘ্নিৰ ঈশ্বৰ একে গণেশত বাজে।
পূজা নেপাই গণপতি অধোমুখে লাজে।৷ ৫৩
থাক থাক কৈক যাইবি ৰাজা অহঙ্কাৰী
আৰ মান সাধো বুলি মোচৰন্ত ডাৰি।
মান্য খণ্ডি মোক তই নোপুজিলি আগে।
তাৰ প্ৰতিফল দিবো নছৰিবে লাগে॥ ৫৪
এহি গুণি গণেশৰ মনে সুখ নাই।
পাছে পাছে ৰাজাৰ ফুৰন্ত চিদ্ৰ চাই॥
নৃপতিও আপোনাৰ পুৰি মনোৰথ।
বিষ্ণুক চিন্তিয়াঁ সুখে ৰহিলা ৰাজ্যত॥ ৫৫
শুনিয়োক সভাসদ যত নিৰন্তৰ।
পৰমাৰ্থ কথা মাৰ্কণ্ডেয় পুৰাণৰ।৷
হৰিশ্চন্দ্ৰ চৰিত্ৰ শুনা অনুপাম।
পাপৰ নিৰ্য্য়ান হোক বোলা ৰাম ৰাম॥ ৫৬
______
হৰিশ্চন্দ্ৰ ৰজাৰ মৃগয়া যাত্ৰা
ছবি
ধৰ্ম্মপক্ষীগণে বোলে শুনিয়ো জৈমিনি ঋষি
যেন কথা ভৈলা তাত পাচে ।
এহিমতে হৰিশ্চন্দ্ৰ পৃথিবীমণ্ডলে ইন্দ্ৰ
মহাকৃতকৃত্য হুয়া আছে॥