শঙ্কৰ বাক্যামৃত দুনাই দুনাই আসি সবে শিহঁৰে শৰীৰ । সঘনে নিগড়ে দুয়ো নয়নৰ নীৰ ॥২৬৫ তরধ নয়নে চাহি আছত্ত অৰ্জ্জুনে। গৰিহস্ত আপোনাক পাণ্ডৱ আপুনে ৷ কাষতে আছ হেন প্ৰভু নাৰায়ণ | নিচিনিলো ধিক ধিক মোহোৰ জীৱন ॥২৬৬ এহিমতে কৰি আতি গৰিহা মনতে । প্ৰণামিলা ভূমিত পৰিয়া দণ্ডৱতে ৷ পৰৰ ঈশ্বৰ প্ৰভু হেনয় আকলি। আৰম্ভিলা স্তুতি আতি কৰি কৃতাঞ্জলি ॥২৬৭ নমো নমো জগত নিবাস সনাতন । ভৃত্য ভয়হাৰী হৰি হুয়োক প্ৰসন্ন ॥ পুৰুষ উত্তম সম জগত আধাৰ ৷ তোমাৰেসে চৰণত কৰো নমস্কাৰ ॥২৬৮ সংসাৰ তাপত আৱে পৰে৷ আতিশয় ৷ ত্রাহি ত্রাহি দুখিতক কৃষ্ণ কৃপাময় ৷ জ্বলে যাৰ তনু সূৰ্য্য সহস্ৰ সঙ্কাশ । তথাপি ভকতে পারে শীতল প্রকাশ ॥২৬৯ ত্ৰিপুৰ অন্তুক প্ৰভু গুণৰ ভাজন ৷ তোমাকেসে শিৰে কৰো সদায় বন্দন | অনন্ত গোবিন্দ দেৱ মুকুন্দ মাধৱ । শ্রীকৃষ্ণ বিষ্ণু মোৰ তুমিসে বান্ধৱ ॥২৭. ভকতিসে বশ্য প্রভু ভকতৰ গতি । জগন্নাখ তোমাৰেসে চৰণে প্ৰণতি যাৰ ৰাম কৃষ্ণনাম একবাৰ স্মৰে ৷ এতেকে তেখনে মহা পাতকীয়ো তৰে ॥২৭১ হেন ঈশ্বৰৰ সদা থাকে৷ পাশ চাপি। কিনো মুঢ়বুদ্ধি মই নিচিনো তথাপি # পৰম কুমতি আতি নাহি মোত বিনে। ভৈলো মই আত্মঘাতী আপুন আপুনে ॥২৭২ একেলগে কৰে৷ স্নান শয়ন ভোজন । ততো নানিলো কিনো অঙ্ক ভৈল মন ॥ ধিক ধিক ধিক আৱে জীৱন আমাৰ । এহি বুলি কান্দিয়া কৰম্ভ নমস্কাৰ ॥২৭৩ নমো নাৰায়ণ জগতৰ আদিভূত। পৰম ঈশ্বৰ ভৈলা দৈৱকীৰ সুত ॥ দেখিয়া অনেক লীলা মনুষ্যৰ ছলে। লক্ষিতে নপাৰে৷ আমি কুবুদ্ধিসকলে ॥২৭৪ সংসাৰ তাপত মই পৰম আতুৰ । কৃপাময় মোৰ মোহবন্ধ কৰা দূৰ তবু পাদপদ্মে সদা নখণ্ডোক ৰতি । হেনয় কৰুণা কৰিয়োক মোক প্ৰতি ॥২৭৫ নমো নমো ব্রহ্মাদিৰ ঈশ্বৰ মুৰাৰি ৷ লক্ষ্মীৰ নিবাস শত্ৰুচয় ক্ষয়কাৰী ॥ এহি জগতৰ নাথ ত্রাহি জনাৰ্দ্দন । তোমাৰ চৰণে কৰো সদায় বন্দন ॥২৭৬ নমো নমো দৈৱকীনন্দন মাধৱক । মনুষ্যৰ চেষ্টাক যে দেখাইয়া লোকক ॥ স্বৰূপত নিজানন্দ তুমি কলেৱৰ । তকিবে নপাৰে হবি-বিমুখ পামৰ ॥২৭৭ কৃষ্ণ বিষ্ণু হৃষীকেশ শিৱ সনাতন । জীৱৰ জীৱন জগন্নাথ নাৰায়ণ ॥ ত্রাহি ত্রাহি মহাহৰি পশিলো শৰণে । মুগুচোক মোৰ মন তোমাৰ চৰণে ॥২৭৮ আজিসে জানিলো তুমি পৰম ঈশ্বৰ । নিচিনি কৰিলো অপৰাধ দামোদৰ তুমি এৰে কৰো একে শয্যাত নিবাস ! ওবা সখি ওবা কৃষ্ণ কৰো পৰিহাস ॥২৭৯ সিসব সুমৰি মোৰ কম্পিত হৃদয় । অজ্ঞানীৰ দোষ মৰষিও কৃপাময় । নমো দামোদৰ নমো নন্দৰ কুমাৰ নমো পৰমাত্মা মোক কৰিয়ো উদ্ধাৰ ॥২৮. আপোনাৰ মাথ থৈয়া মাধৱৰ পাৰে । এহি বুলি অৰ্জ্জুন কাদস্ত প্রেমভাৱে ।
পৃষ্ঠা:শ্ৰীশঙ্কৰ বাক্যামৃত.pdf/৭৬
অৱয়ব