তুমি প্রভু যদি জীৱ নিয়ন্ত। ঈশ্বৰ । দিয়ো দৰিশন নিজৰূপে দামোদৰ ॥২৪৯ যাক দেখি ভকতৰ আনন্দ হৃদয় । হেন চতুভুজ ৰূপ কৰিয়ো প্রত্যয় # আপুনি জানাহা মই তোমাৰেসে দাস । নকৰিল৷ কিয় মোত পূর্ব্বতে প্রকাশ ॥২৫ • মাধরে বোলন্ত সখি নজানাহা আৰু । নিজৰূপে যিহেতু নেদেখা শুনা তাক ॥ ঈশ্বৰ বুলিয়া যদি জানা মোক মনে। নলৈবাহা শঙ্কা তুমি শয়নে ভোজনে ॥২৫ ১ আউৰ সখি বুলি নকৰিবা পৰিহাস। চিন্তিবা চৰণ মোৰ এৰি গৃহবাস ॥ তাতেসে তোমাক নেদেখাইলো নিজৰূপ । আত আন হেতু নাহি কহিলে৷ স্বৰূপ ॥২৫২ অৰ্জ্জুনক এহি বুলি প্ৰভু নাৰায়ণে । ভৈলন্ত ঈশ্বৰ মূৰ্ত্তি তৈতে তাৱক্ষণে ॥ জ্বলৈ পীতবস্ত্ৰে আতি শ্যামল শৰীৰ । সজল মেঘত যেন বিজুলী সুখিৰ ॥২৫৩ প্রসন্ন বদন পদ্ম দেখস্তে তৃপিতি । শিৰত কিৰীটি কোটি সূৰুযৰ জ্যোতি ॥ জ্বলৈ জুটে চূড়ামণি ৰত্নৰ আমোল । অলকা তিলক শোভে সুসম কপোল ॥২৫৪ সুৱলিত ভ্ৰুৱ যুগ ধনুৰ শাশ্বয় । অৰুণ পঙ্কজ যেন নয়ন দুতয় উন্নত নাসিকা তিল কুসুম সুন্দৰ । সুৱৰ্ণতোধিক জ্বলৈ অৰুণ অধৰ ॥২৫৫ কুদকড়ি সদৃশ নিবিড় দন্তপাত্তি । মণিষয় মৰুৰ কুণ্ডলে কৰে কান্তি মুহসিত মুখত বেকড ধৰ্ম্মবিন্দু । হিমকণা সমে যেন জ্বলৈ পূৰ্ণ ইন্দু ॥২৫৬ কণ্ঠত কৌন্তত যেন আতি নৱ সূৰ্য্য। New w চাক চতুৰ্ভুজ ৷ - ৰত্নময় কেষুৰ কঙ্কণে কান্তি তার শঙ্খ চক্র গদা পদ্ম চাৰি অস্ত্র হাতে কৰতল ৰাতুল দেখস্তে মনতুষ্টি। প্রতি আঙ্গুলিত জাম্প সোণাৰ আঙ্গুষ্ঠি | জ্বলৈ নখচয় চাৰু চন্দ্ৰমাৰ কাস্তি। হোৱৈ যাৰ প্ৰকাশস্তে তাপ উপশাস্তি ॥২৫৮ শ্রীবৎস পংকতি আতি আছে প্রকাশস্তে । গলে বনমালা জ্বলৈ আপাদ পৰ্যস্তে ॥ মহ। বক্ষস্থলত দিলস্ত লক্ষ্মী দেখা । জ্বলৈ চাৰু উদৰে অৰুণ তিনি ৰেখা ॥ ২৫৯ হৃদয়ত হেমহাৰ মণি মুকুতাৰ ৷ কটিত মেখলা ৰত্নে কৰে জাতিষ্কাৰ ৷৷ পাট পীতভুনিক দেখস্তে ৰুচিকৰ । বলিত বৰ্ত্তুল চাৰু উৰু কৰীকৰ ॥ ২৬০ চৰণ পঙ্কজ যেন নৱ পদ্মকোষ । ৰত্নৰ নুপুৰ ৰঞ্জে দেখত্তে সন্তোষ চম্পাৰ পাকৰি নয় আঙ্গুলিৰ পাত্তি । তাতে আৰকত নখচন্দ্ৰে কৰে কান্তি ॥২৬১ ৰত্নৰ উান্টি জ্বলে প্রতি জাঙ্গুলিত। পনতল বস্তুল কোমল মনোনীত ৷ ধ্বজ বজ্র যৰ মাৰো অঙ্কুণ কমল । এহি পঞ্চ চিহ্ন জ্বলে দুয়ো পদতল ॥ ২৬২ পোন্ধৰ বৰিষ সম সুকুমাৰ অঙ্গ । হোৱৈ ৰূপ দেখি কন্দৰ্পৰো দৰ্গভঙ্গ যাক পৰশনে আনন্দিত তনু মন । ভকতজনৰ যিটো হৃদয় ভূষণ ॥২৬৩ পৰম ঈশ্বৰ মূৰ্ত্তি প্রকাশ বসি । ভৈলস্ত উদিত কোটি কোটি সূর্য্য শশী ॥ নিজৰূপে কেশৱে সাক্ষাতে দিলা দেখা । দেখি অৰ্জ্জুনৰ পাপৰ নাহি লেখা ॥২৬৪ প্রীতি প্রফুল্লিত সুখ ভৈলা ধনঞ্জয় । পৰৰ প্ৰেমত না হৃদয় |
পৃষ্ঠা:শ্ৰীশঙ্কৰ বাক্যামৃত.pdf/৭৫
অৱয়ব