সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশঙ্কৰ বাক্যামৃত.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হৰিশ্চন্দ্ৰ উপাখ্যান

বশিষ্ঠ বদতি শুনা নৃপতি প্ৰধান।
গণেশক কিসক কৰোহো এতমান॥
পাৰ্ব্বতীৰ পুত্ৰ মত বিঘ্নিৰ ঈশ্বৰ।
তাহান ক্ৰোধত কাৰ্য্য হৈব অথান্তৰ॥ ২৮
নৃপতি বোলন্ত গুৰু নুবুলিবা মোক।
মাধৱক আৰাধিলে যেন লাগে হোক॥
বিঘ্নিৰ শঙ্কাযে নুপূজিবো হৃষিকেশ।
ওকনিক ভযে কোনে মুণ্ডি আছে কেশ॥ ২৯
বশিষ্ঠে লৈলন্ত আনো ঋষিত সম্মতি।
গণেশক এডি পূজিলন্ত লক্ষ্মী পতি॥
অনেক নৈবেদ্য বলী বস্তু, উপহাৰে।
মাধৱক পূজিলন্ত বিবিধ প্ৰকাৰে॥ ৩০
স্তুতি নতি ভকতি কৰিলা বহু ভাৱে।
যাৱত, শকতি পূজিলন্ত কৃষ্ণ পাৱে॥
অনেক আহুতি কৰি বহ্নি বিষজ্জিল।
প্ৰণতি পূব্বকে আদিত্যক অঘ দিল॥ ৩১

দক্ষিণাদান

বশিষ্ঠকো দিলা আনি দক্ষিণা অশেষ।
হযহস্তী ৰথ দাস দাসী গ্ৰাম্য দেশ॥
অসংখ্যাত ৰথ ৰথি গাৱে অলঙ্কাৰ।
ভণ্ডাৰে ভণ্ডাৰে দিলা সুবৰ্ণ অপাৰ॥ ৩২
আনো ঋষি গণ যত আসন্ত সমজে
ভিন্নে ভিন্নে সবাকো আচ্চলা মহাৰাজে॥
দিলা পুষ্প চন্দন বসন অলঙ্কাৰ।
“গাৱে গাৱে সুবৰ্ণৰ একো শত ভাৰ॥ ৩৩
হৰিশ্চন্দ্ৰ নৃপতিৰ ৰাজসূয় শুনি।
অযোধ্যাক আসি সবে ভৰিলা ব্ৰাহ্মণী॥
অশেষ সেৱকে দেই ভোজন সম্ভৃত।
দধি মধু মোদক ভুঞ্জন্ত পঞ্চামৃত॥ ৩৪
ঋত লাড়ু পৰমান্ন ভুঞ্জি গণ্ড গোল।
ঘন ক্ষীৰ খান্তে যেন পেট ভৈল ধোল॥
তথাপি বোলন্ত মোক আৰু কিছু লাগে।
উপছি পাত্ৰত থাকে তথাপিতো মাগে॥ ৩৫
কতো পঞ্চামৃত খুজিলন্ত খাইবো বুলি।
মুখত নযাই চাই থাকে হাত তুলি॥
বিধিক সুমৰি মৰ্ম্ম কৰন্ত ব্ৰাহ্মণ।
এড়িয়ো নোথন্ত যেন কৃপণৰ ধন॥ ৩৬
খাহন্তে খাহন্তে কতো পাইলে টিটু• মান।
বস্তু আনি যাচন্ত নেদন্ত সমিধান॥
থিয় দিয়া থাকৈ বান্তি আসিবাক ভবে।
যেন মঠ ধৰি যোগী গণে ধ্যান কৰে॥ ৩৭
এহিমতে ভুঞ্জন্তে ব্ৰাহ্মণ লক্ষ কোটি।
মনত সন্তোষে পঞ্চামৃত নেই ঘুতি॥
অসংখ্যাত লোকে তাসম্বাৰ ধৰে আল†।
স্বৰ্গতো লাগিল ব্ৰহ্ম ভোজন ঘঞ্চাল॥ ৩৮
নৃপতি বোলন্ত ৰৌল‡ মোৰ বোল কৰা।
সমস্ত ভণ্ডাৰ দিলো নিয়া যত পাৰা॥
শুনি দ্বিজগণে ভৈলা পৰম সন্তোষ।
ভণ্ডাৰ সোমায়া লগাইলন্ত লুৰি লোস॥৩৯
একৈক ভণ্ডাৰে ৰত্ন লক্ষ কোটি মোন।
আথে বেথে দাম কৰি চপাবে ব্ৰাহ্মণ॥
ওপৰত পৰি তাক মোৰ মোৰ বুলি।
আপোন ইচ্ছায়ে ওপচান্ত জুলি॥ ৪০
(বান্ধন্ত ভোকোন্দা কতো গুটি সুবৰ্ণৰ।
মুকুটা মানিক মনি হীৰা বাখৰৰ॥
বুঝা লৈয়া তথাপি কৰন্ত হাঁই ফুঁই।
তাকোনিবে নপাৰিয়া জান্ত কুজা হুই॥ ৪১
মুণ্ডফুটে বুলিয়া পেলান্ত কতো বুঝা।
নাকে খৰ উষাশ তানয় হুই কুজা॥
হাবিধি কিনো মোৰ দৰিদ্ৰৰ চিন্ন।
ৰাজসূয় যজ্ঞতল গৈল শুজা ঋণ॥ ৪২
ৰথত তুলিলা কতো আঙ্কোৱালী ধৰি।
গৃহৰ কৰন্ত বাজ কেঙ্কা জোঙ্কা কৰি॥

•টিটু--টেটু, গল। †আল - আলপৈচান। ‡ৰৌল— আটাহ পাৰি।