জল সাগৰক লাগি ভৈলা অধিকাৰ।
সাতোদ্বীপা পৃথিবীৰ লৱে কৰ ভাৰ॥ ১২
হীৰা মৰকত মনি মানিক অপাৰ।
পৰ্ব্বত সমান দৌল বান্ধিলা ভাণ্ডাৰ॥
সুবৰ্ণ ৰজত যত তাক কোনে লেখে।
যেহি ভিতি চক্ষু চাহে ৰত্নময় দেখে।। ১৩
লক্ষ কোটি শকটে শকটে ধন বহে।
ধনভৰে তল যাই অযোধ্যা নসহে॥
জগতৰ লক্ষ্মী সবে ভৈল এক ঠাই।
শ্ৰীমন্ত হৰিশ্চন্দ্ৰ ৰাজা ইন্দ্ৰ প্ৰাই।। ১৪
এক চত্ৰে ভুঞ্জে অকণ্টকা বসুন্ধৰি।
শৈব্যানামে ভৈলা তান পৃয়া পটেশ্বৰী।
স্ত্ৰীৰত্ন মাজে লেখি গুণৱতী সতী।
ৰূপত পাৰ্ব্বতী পতিব্ৰতা পুন্যৱতী॥ ১৫
পতিপ্ৰাণ পতিজ্ঞান পতিকেসে ধ্যান।
পতি বিতিৰেকে* স্বপনতো নাহি আন॥
নৃপতিৰ প্ৰাণতো অধিক আতি স্নেহ।
যেন গৌৰী শঙ্কৰে অভিন্ন ভৈল দেহ।
স্বৰ্গত ক্ৰীড়ন্তে যেন শচী পুৰন্দৰ।
লক্ষ্মী সমম্নিতে যেন কেলি কেশৱৰ॥
সৈব্যা ভাৰ্য্যা সমে হৰিশ্চন্দ্ৰ মহাৰথ।
পুৰিলন্ত নৃপতিৰ সবে মনোৰথ॥ ১৭
ৰোহিতাশ্ব নামে ভৈল তনয় ৰাজাৰ।
যেন পূৰ্ণিমাৰ চন্দ্ৰ শিশু সুকুমাৰ॥
সৰ্ব্ব সুলক্ষণ একো গুণে নাহি হীন।
নিৰন্তৰ আছে নৃপতিৰ যত চিন্ন॥ ১৮
এহিমতে আনন্দতে কতোদিন গৈল
যজ্ঞ কৰিবাক নৃপতিৰ মনভৈল॥
পুৰোহিত বশিষ্ঠক অনাইলা মতাই।
বোলন্ত বিনতি+ কৰি হৰিশ্চন্দ্ৰ বাই ।। ১৯
তযু আশীৰ্ব্বাদ সুপ্ৰসাদে ভূঞ্জোৰাজ।
ইন্দ্ৰতো অধিক দেখো আমাৰ সমাজ।।
উপাৰ্জ্জিত ধনৰত্ন যিসে ৰক্ষা হুই।
কৰায়োক মোক মহা যজ্ঞ ৰাজসূই॥ ২০
সুবৰ্ণ ৰজত ৰত্ন যত ধন ধান।
কৰিয়ো সাম্ফল ব্ৰাহ্মণক দিবো দান॥
তোমাৰ প্ৰসাদে যজ্ঞ সিজোক সম্প্ৰতি।
ইটো সূৰ্য্য বংশৰ তুমিসে গুৰু গতি॥ ২১
শুনিৰঙ্গে ঋষিৰাজে মাতিলন্ত পাছে।
যত লাগে সম্ভাৰ গৃহতে সবে আছে।।
ত্ৰৈলোক্য়ত কোন কৰ্ম্ম তোমাৰ অসাধ্য।
সত্বৰে অনায়ো বাচি ৰাজা এক লক্ষ॥ ২২
বশিষ্ঠে কহিলা যত যজ্ঞৰ বিধান।
হঙ্কাৰে আনিলা ৰাজা লক্ষেক প্ৰমাণ॥
যেন যোগ্য সানি সমুচিতে কৰ দিল।
হৰিশ্চন্দ্ৰ মহাৰাজা যজ্ঞ আৰম্ভিল॥২৩
সমস্ত সম্ভাৰ মিলাইলন্ত মহাৰাজ।
অসংখ্যাত ঋষিগণ মিলাইলা সমাজ॥
বশিষ্ঠে মণ্ডল দিয়া আৰম্ভিলা পূজা।
ভাৰ্য্যায়ে সহিতে কুশহস্ত ভৈলা ৰাজা॥ ২৪
যজ্ঞৰ আদিতে হবি-পূজা
প্ৰথমে বোলন্ত পূজিয়োক গণপতি॥
ৰাজায়ে বোলন্ত গুৰু কমন যুগুতি।
পৰম পুৰুষ হৰি তাঙ্ক এড়ি আগে।
কিবা গুণে গণেশক পূজিবাক লাগে॥ ২৫
জগতৰ নাথ সংসাৰৰ আদি মূল।
বিষ্ণুক পূজিবো প্ৰথমতে দিয়া ফুল॥
বিষ্ণুত অৰ্পিবো যত পূজা যজ্ঞ দান।
বিষ্ণু ব্যতিৰেকে দেৱ নজানোহো আন॥ ২৬
হৰি তুষ্ট ভৈলে তুষ্টে হোৱে চৰাচৰ।
হেন বিষ্ণু এড়ি পূজিবোহো লম্বোদৰ॥
কাচক যতনে যেন পৰিহৰি হীৰা।
শালগ্ৰাম মাটিত নটিক যেন পীৰা॥ ২৭
- বিভিষেকে— ব্যতিৰেক। + বিনতি--মিনতি।