হৰিশ্চন্দ্র উপাখ্যা জগতৰে ধূমকেতু চতক দুতয় । সমস্তে লোকক কৰে অকালে প্রলয় ॥ তথাপি আক্রান্তি দুয়ো সমৰ নেয়। আকাশৰ পৰা দুয়ো পৰ্ব্বতে পৰয় ॥৫৮০ ভূমি সম হুয়া গিৰি সমুলি লুকায়। পৃথিবীৰ হোসকিয়া পাতালক যায় ৷ তলবল বহুমতী ভৈল জল এল । থিৰ হুইবে নোৱাৰম্ভ দিগ গজসকল ॥৫৮১ সহিবে নপাৰি আতি আন্দোলৰ দুখ। পাতালক যাইবে ভৈল পৃথিবী সমুখ ॥ হেন দেখি দুয়ে৷ পক্ষী তেজি ঘোৰ ৰাৱ । আকাশক লাগি দুয়ে৷ কৰিলা উৰাৱ ॥৫৮২ কাম্পে বহুমতী সবে খলকে সাগৰে। খসি গিৰি শৃঙ্গপৰে ভূমিত বাগৰে ৷ ঘোৰতৰ পথাৰ প্ৰচণ্ড যার লাগি । অসংখ্য পৰ্ব্বত সবে পৰৈ ভাগিভাগি ॥৫৮৩ কতো দূৰ ঊৰ্দ্ধ দুই আকাশত থাকি । পরে আসি গ্রাম দেশ নগৰক ঢাকি॥ এহিমতে পৃথিবী কৰন্তে আছে ছন্ন। দশোদিশে হাহাকাৰ কৰৈ প্ৰজাগণ ॥৫৮৪ হা মার বাপ ভাই বুলিয়া লৱৰে ৷ পলায়োক সত্বৰে পৰ্ব্বত হেৰা পৰে ৷ কতোনাৰী স্বামীক পুত্ৰক গলে বান্ধে। এৱে প্রাণ যায় বুলি আৰ্ত্তনাদে কান্দে ॥৫৮৫ পলায়ো সত্বৰে বাপু স্নেহ এৰি মোক । আমাৰ কৰমে আছে যেহি ঘুৱাই হোক কতো সবাস্করে সবে হোৱে এক ঠাই। কৰৈ আতি ক্ৰন্দন আউৰক আউৰে চাই ॥৫৮৬ মিলিল প্রলয় পলাইবাৰ নাহি খান। গলা গলি কৰে কোন বেলা যায় প্রাণ কৈৰ দাদা পেছা মহা মাতুল খুড়াই ৷ পলা পলা জাপ্টে ধরে গৃহৰ বজাই ॥৫৮৭ 89 এহিমতে সবে প্রাণী ত্ৰাসত লৱৰে । এতেকতে পৰ্ব্বত মাধাত আসি পে এহিমতে জগতৰে চিন্তিলা বিনাশ । চৰে দুইৰে৷ ক্ৰোধ আতি নাহিকে প্রয়াস ॥৫৮৮ আকাশত ঘোৰ যুদ্ধ কৰিয়া বহুত । পৃথিবী নসহে দেখি পৰিলা মেৰুত দুৰ্ঘোৰ আন্দোলে মেৰু কৰৈ তলবল। প্রচণ্ড বাতাসে যেন জোঙ্কাৰয় কল ॥৫৮৯ খসি পৰে শিখৰৰ পৰা ৰাৱ লাগি । যত মঠ মন্দিৰ উৰিল ছিণ্ডি ভাগি। যত দেৱ আছিল লাগিল উসমিশ। মহাবেগে প্রজাসৰ পলাই দশোদিশ ॥৫৯০ বহুবিধ দিব্য তৰু নানা উপবন । চৰণ প্ৰহাৰে ভৈলা পটাৰ পিসন ৷ দুয়ো মহা পক্ষীৰ নাহিকে উপশাস্তি। জালি শিহৰাই দুয়ো দুইকো দেত্ত দাস্তি ॥৫৯১ প্রলয়ৰ মেঘ যেন গর্জ্জে শতবাৰ। মাৰে পথা চাটি দুয়ো বিজুলী সঞ্চাৰ কামোৰা কামুৰি কৰৈ ঠোঁটে ঠোঁটে ভিৰি । আঞ্জোৰাআঞ্জোৰি দুইৰো মাংস যায় ছিৰি ॥৫৯২ শৰীৰৰৰ তেজ নদী যেন বহি যায় । তথাপিতো দুইকো দুই এখাএৰি নাই ॥ আন্দোলা আন্দুলি কৰৈ দুয়ো মহাবল । সহিব মুৱাৰি মেৰু যায় ৰসাতল ॥৫৯৩ হেন দেখি দুয়ো উৰাও কৰিলা উৰ্দ্ধক। একতিলে পাইল৷ গৈৱা স্বৰ্গ ভুৱনক ॥ স্বৰ্গতো লাগিল দুই পক্ষীৰ তুমুল। আন্দোলা আন্দুলি জোৰা জুৰি হুলহুল ॥৫৯৪ মাৰে পৰাচাট তেজে মহা ঘোৰনাদ । পৰম্ভে কৰিলা গৈয়া স্বৰ্গক উচ্ছাদ । দিব্য গৃহসব ছিণ্ডি ভাগি গৈলা উৰি । দিব্য ৰন্ধচয় যত সবে ভৈলা গুৰি ॥৫৯৫
পৃষ্ঠা:শ্ৰীশঙ্কৰ বাক্যামৃত.pdf/৫১
অৱয়ব