86 সহিবে নপাৰি বকে বিপৰীত চোট। দুয়ো পাখা মেলিয়া মাটিত দিলা ঠোঁট ৷ কতো বেলি মানে আছিলস্ত অচেতন ৷ সন্ধুক্ষণ হুয়া আতি কোপ কৰি মন ॥৫৬৪ এহিযতে খঙ্গে বকে গাৱ জঙ্কাৰিলা । চোট পান্না শৰালি সহিবে নপাৰিলা || কতো দূৰে উফৰিয়া নিঢালে পৰিলা । গিৰ গিৰ কৰি সবে পৃথিবী লৰিলা ॥৫৬৫ দেখি খঙ্গে পিঠিত উঠিল সেহি ছেগে । মাধাত কামোৰ দিয়া ধৰিলন্ত বেগে ৷৷ গোঙ্গাটুঙ্গি কৰি তাক এৰাইলা শৰালি । পাচে ঠোঁটে ঠোঁটে দুয়ো ধৰিলে কৰালি ॥৫৬৬ পাখাক উল্লাসি দুয়ো দুইকো দেয় চোট । ভৰি ভৰি চান্দি দুয়ো ভৈলা এক গোট ॥ কৰে জৰাজৰি দুয়ো পৃথিবীত পৰি। উপৰা উপৰি দুয়ো বাগৰা বাগৰি ॥৫৬৭ দুগোটা পৰ্ব্বত যেন যুজে অরগাই । দুইখান পৰ্ব্বত যেন ভৈল এক ঠাই ৷৷ পৃথিবী নসহে দুই পখীৰ আজোৰ । পীড়িল যতেক বৃক্ষ ভৈল মষিমূৰ ॥৫৬৮ পৰ্ব্বততো পৰয় পৰ্ব্বত হোৱে চুৰ ৷ কৰিল উচ্ছন্ন পৃথিবীৰ কতদূৰ ৷৷ যেন মহা মেঘসব প্রলয় কালৰ । শুনি মহাভয় ভৈলা যত চৰাচৰ ॥৫৬৯ জোটাজুটি আন্দোল| আন্দোলি কৰে আতি । ভিৰ পাইয়া পৃথিবী ভৈলেক এক কাতি H কতো থাকাশক লাগি কৰয় উৰাৱ । মহা মহা পৰ্ব্বতত লাগে পথাৰাৰ ॥৫৭০ পাত যে উৰাই সৰে সৰসৰি ভাগি ৷ সংখ্যাত ফুৰয় পথাৰ যাৱ লাগি আকাশৰ পৰা পৰে পৰ্ব্বত অশেষ। চুপিকৃত কৰিল নগৰ গ্ৰাম দেশ ॥৫৭১ । কম্পত্ত পৃথিবী আই মুহিকস্ত থিৰ ৷ অনন্তৰে লৰি গৈলা সহস্ৰক শিৰ ॥ এমিতে ৰাজ্য সবে কৰিলা নিৰ্ম্মল আকাশত পক্ষী দুয়ো কৰৈ হুলস্থুল ॥৫৭২ অন্যো অন্যে অশেষ পথাৰ মাৰে চাটি । স্বৰ্গত দেৱৰো শুনি কর্ণ যায় ফাটি ॥ যুদ্ধ চাই যত দেৱ আছন্ত আকাশে । উৰাইলা বিমান সবে পাখাৰ বাতাসে ॥৫৭৩ চন্দ্র-সূর্য্যে নিয়মিতে নপাৰম্ভ ৰথ । শ্ৰুতি এৰি ঘোৰাসবে ধৰিল৷ বিপথ ৷ নাহিকে ভাগৰ দুইৰে৷ ক্ৰোধ আতি চৰে । জোটাভুটি কৰি আসি পৃথিবীত পৰে ॥৫৭৪ মহাবেগে ঊৰ্ম্মি কৰি উঠে সবে জল । পৃথিবী বুৰাৱে সামৰাজে যাই তল ৷ সবে জীৱজন্তু প্রজা জাজি যেন উটে। কুম্ভীৰ মগৰে খেদি খাই গোটে গোটে ॥৫৭৫ মিলিল প্রলয় জগতৰে আৰ্তনাদ ৷ তথাপিতে! দুয়ে| পক্ষী নেয় বিবাদ ॥ সাগৰত পৰি দুই পক্ষীৰ আন্দোল। পখাব চাটিত জল যায় স্বৰ্গকোল ॥৫৭৬ মৰে জীয়া জন্তুসব চৰণ আম্ফালে ৷ কতো বুৰ দিয়া বেগে পশিলা পাতালে ৷ দুয়ো পক্ষী কৰে দেখি দুৰ্ঘোৰ আস্ফোট । ভয়ে নাগগণে সৰে ভৈলা জোটা জোট ॥৫৭৭ দৈত্য দানৱৰ লাগি গৈল হুলস্থুল । মিলিল প্রলয় বুলি প্ৰজাৰ আকুল । কৰম্ভ উৰার কতো দুয়ো মহাবল । পখাত উঠায়ে যত সাগৰৰ জল ॥৫৭৮ গাৱৰ বেগত জল পৰে পৃথিবীত । যেন প্রলয়ৰ বেলা হয়ে বিপৰীত । উটে বুৰে ঢৌত্তে প্ৰজা পৰ্ব্বত শিখৰ । নিৰস্তৰে সবে যত আছে চৰাচৰ ॥৫৭৯
পৃষ্ঠা:শ্ৰীশঙ্কৰ বাক্যামৃত.pdf/৫০
অৱয়ব