শ্রীকৃষ্ণায় নমঃ
শঙ্কৰ বাক্যামৃত
হৰিশ্চন্দ্ৰ উপাখ্যান
ৰজা হৰিশ্চন্দ্ৰৰ ৰাজসূয় যজ্ঞ
পদ
নমোনাৰায়ণ নিৰঞ্জন জগজীৱ ।
পুৰাণ পুৰুষ ঋষি কেশ সদাশিৱ ॥
দানৱ দলন দামোদৰ আদি দেৱ ।
দণ্ডৱতে পৰি কেশৱক কৰো সেৱ ॥ ১
কৃষ্ণ পাদ পদ্ম যুগ হৃদয়ত ধৰি ।
গুৰুৰ চৰণ মনে শিৰোগত কৰি॥
মাৰ্কন্দেৱ পুৰাণৰ কথাতে প্ৰধান ।
পয়াৰে ৰচিবো হৰিশ্চন্দ্ৰ উপাখ্যান ॥ ২
জয় জয় হৰিশ্চন্দ্ৰ নৃপতি তিলক ।
ৰাজ সূয় যজ্ঞ যজি ত্ৰিদঁশ দেৱক ॥
স্বশৰীৰে স্বৰ্গে গৈলা সমস্ত নগৰে ।
কৃষ্ণৰ চৰণে পদ ভণিলা শঙ্কৰে॥ ৩
বিষ্ণু বৈষ্ণৱৰ কথা দুযো সমতুল।
শ্ৰৱণ কীৰ্ত্তনে কৰে পাপক নিম্মুল।।
চাণ্ডাল পয্য়ন্তে কৰে সবাকে পবিত্ৰ।
জানি নিৰন্তৰে শুনা বৈষ্ণৱ চৰিত্ৰ॥ ৪
জৈমুনি বদতি শুনা ধৰ্ম্ম [পাক্ষ বগ।
কোন কৰ্ম্ম কৰি হৰিশ্চন্দ্ৰ গৈলা স্বৰ্গ॥
কি কাৰণে কদৰ্থিলা বিশ্বামিত্ৰ ঋষি।
কহিযোক কথা মোত পৰম, হৰিষি॥ ৫
পক্ষিগণ বদতি শুনিযো ঋষিবৰ।
পৃথিবীতে সাৰোত্ত্বৰ অযোধ্যা নগৰ॥
সংসাৰত যত গুণ গণ অলঙ্কৃত।
সৰ্ব্বক্ষণে যৈত জনাৰ্দ্দন উপস্থিত॥ ৬
নিৰ্ম্মিলা প্ৰবন্ধে বিধি পুৰি বিতোপন।
স্বৰ্গতো অধিক সুখী যাৰ প্ৰাজাগণ।।
নিধৰ্ম্ম শালী শিষ্ট বৈষ্ণৱ সকলে।
ঘৰে ঘৰে প্ৰত্যেকে অচলা লক্ষ্মা জলে॥
সেহি নগৰত ভৈলা হৰিশ্চন্দ্ৰ ৰাজা।
পুত্ৰতো অধিক দশ গুণে পালে প্ৰজা॥
সন্ত মহন্তক ক্ষমাৱন্ত স্বতাৱন্ত
বিষ্ণুৰ ভকত মহাধৰ্ম্ম আচৰন্ত॥ ৮
অস্ত্ৰ শস্ত্ৰ সমস্ত শাস্ত্ৰতো সুশিক্ষিত।
বুদ্ধি বৃহস্পতি সম প্ৰতপে আদিত্য॥
কন্দৰ্প সদৃশ শোভে সুন্দৰ শৰীৰ।
সৰ্ব্বগুণে গুণানীত সাৰ গম্ভীৰ॥ ৯
নাহিকে লোকৰ শোক যাহাৰ ৰাজ্যত।
নাহি মাৰি মৰক দুৰ্ভিক্ষ দুখ যত॥
নাহিকে সচল চোৰ ঘোৰ বিঘ্ন ভয়।
অকালত নাহি কাৰো মৰণত ভয। ১০
ধৰ্ম্ম পথে থাপিলন্ত পৃথিবী মণ্ডল॥
ৰায় বান্দী সম কিছু নাহি বলাবল।
মহাসুখে প্ৰজাযেন বৈকুণ্ঠত বাসে।।
স্বৰ্গ মৰ্ত্ত্য পাতাল ব্যাপিল যাৰ যশে॥ ১১
পৃথিবীৰ ৰাজা গণে যাক বলে নাতে।
কৰ দিয়া ৰাজা গণে ভৃত্যৱতে খাটে॥