সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশঙ্কৰ বাক্যামৃত.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হৰিশ্চন্দ্র উপাখ্যান মোত যেৱে আছে ঘোৰ তপস্যাৰ বল । শুন অৰে বশিষ্ঠ তোহোক দিওঁ ফল ॥ মোক এৱে শাপি এৰাই যাইবে তোৰ বাপে । শৰালি চতক তই হৈবি মোৰ শাপে ॥৫৪৮ দুই দোহন্তক শাপিলন্ত কোপমনে । ঘোৰ চণ্ডশাপ আসি মিলিল তেখনে ঋষি গুচি ভৈলা দুয়ো ভয়ঙ্কৰ পৰী। মেৰু মণ্ডলৰ সম দুহান্তক লক্ষি ॥৫৪৯ শৰালি বশিষ্ঠ ভৈল। বিশ্বামিত্র বক। ঠোট গোট মেলি ঢুকি পাৱন্ত স্বৰ্গক ৷৷ হামিতে গর্ভক দেখি পাতাল সমান । দুহান্তৰ শৰীৰৰ শুনিয়ো প্ৰমাণ ॥৫৫° বশিষ্ঠ শৰালি আতি দেখিয় প্রচণ্ড। পাখীৰ চাততে মেঘ হয় খণ্ড খণ্ড ॥ সমুখে ৰহিল দুয়ো যুদ্ধক সমর্থ । শৰীৰে ঢাকিল ষোল মাসৰ যে পথ ॥৫৫১ বিশ্বামিত্র বকক দেখস্তে লাগে ত্রাস। ভূমিত থাকিল গলে লঙ্ঘিল আকাশ ॥ ছাব্বিশ মাসৰ পথ জুৰিলা শৰীৰে । তলবল কৰৈ মহী চতকৰ ভিৰে ॥৫৫২ ভৈলন্ত সমুখ দুয়ো পথী মহাকোপে । তেজস্ত আটাস আতি পৰম আতোপে ৷ প্ৰণয় কালৰ যেন মেঘৰ সম্বাদ । স্বৰ্গত শুনিয়া সবো ভৈলা নিশরদ ॥৫৫৩ পৃথিবীৰ লোকৰ কৰ্ণত দিলা তাল । চমকিয়৷ গৈল সবে শরদ আস্ফাল ॥ কিবা ভৈল বুলিয়া চাহন্ত বিমৰিষি । দিব্যদৃষ্টি দেখস্ত যুজম্ভ দুয়ো ঋষি ॥৫৫৪ যুদ্ধ চাহিবাক আসি ভৈল স্বৰ্গপৰা । ইন্দ্ৰক আৱৰি আছে যত অপেস্বৰা ॥ ভয়ঙ্কৰ যক শৰালিক দেখি আসি । সিদ্ধমুনি গন্ধর্ব্বৰো বিশ্বজোত হাসি ॥৫৫৫ 1 সেহি বেলা দুয়ো পধী সমৰে প্ৰবুদ্ধ। বলাবলী কৰি আসি লগাইস্ত বুদ্ধ | পখা মেলি দুয়ো পখী ফুৰে চক্ৰাকাৰে ৷ পৃথিবী বিদাৰ কৰে চৰণ প্ৰহাৰে ॥৫৫৬ মহাপাখা মেলি বকে প্রথমে তাড়িল । মুচ্ছিত শৰালি যেন প্ৰাণক ছাড়িল ৷ ক্ষণেক চেতন লভি ভৈল সন্ধুক্ষণ । থধাম কৰি ধাইল যুদ্ধকেসে মন ॥৫৫৭ উপৰক ঠোঁট তুলি জাম্পিলা শৰালি। হৃদয়ৰ মাংস নখে পেলাইলা বখালি ॥ নিদাৰুণ প্ৰহাৰত মুৰ্চ্ছা গৈলা বক। দশোদিকে অন্ধকাৰ দেখিলা জনক ॥৫৫৮ ক্ষণেকে চেতন পাই শিহুৰাইলা জ্বলি । জাৰিলা গাৱ দুয়োপথাক বখালি ॥ থাক থাক বুলি ধাইলা বিদ্যুত সঞ্চাৰে। শৰালিক পীড়িলেক চৰণ প্ৰহাৰে ॥৫৫৯ আঙুৰিল নখে ক্ষতবিক্ষতক কৰি। শৰীৰৰ ৰহি যায় শোণিত নিঝৰি ॥ যেন মেৰু পৰ্ব্বতৰ বহে গেৰুধাৰ । চোট পাই শৰালি দেখিলা অন্ধকাৰ ॥৫৬০ কতো বেলি লুস্থ হুয়া মেলিলস্ত আখি । ঠোঁট মেলি আপোনাৰ কুৰাইলন্ত পাখি৷ কোপে অপমানে দেহা নসহয় আৰ ৷ থাইলো আরে মুগু কৈক যাইবি দুৰাচাৰ ॥৫৬ এহিবুলি মহাকোপে শৰালি চতকে । কৰিলা উৰাউ যেন বিজুলী চমকে বকৰ পিঠিত পৰিলন্ত ভৰি জান্টি। হাসুকুৰি খাই বকে কৰিলন্ত বাস্তি ॥৫৬২ মাখাত শৰালি কোপে খুটিয়াইল ঠোটে। অসংখ্যাত পাখি ঊধালিল গোটে গোটে । ভৈলেক ঝুকুৰিমূৰা ৰহে তেজধাৰ । গিৰি শিখৰত যেন ফুটিল মন্দাৰ ॥৫৮৩ 8t