88 শঙ্কৰ বাক্যাবৃত এহি বুলি বশিষ্ঠে ক্ৰোধত গৈলা জ্বলি । প্ৰাণৰ বৈৰক আজি পেহলাইবো নিঢালি ॥ ঘোৰ ব্ৰহ্মাণ্ড গোট হাতে লৈল৷ তুলি। খেদি যাস্ত বিশ্বামিত্ৰ আশ্ৰমক বুলি ॥৫৩২ ধূত্রে সমন্বিতে যেন দেখি ব্ৰহ্মকুণ্ড। দশন কামুৰি ঋষি জোঙ্কাৰম্ভ মুগু ৷ যেন কালান্তক যমে খেদি যাস্ত জাম্পি। প্রত্যেক ভৰিতে ভূমি যাই কম্পি কম্পি ॥৫৩৩ কৌশিকৰ আশ্ৰমক পাইলা মহাবেগে । দেখি বিশ্বামিত্র উঠিলন্ত সেহি ছেগে হাতে ব্ৰহ্মদণ্ড ধৰি ভৈলন্ত সন্ধান । বশিষ্ঠে দেখিয়া আসি কৰিলা গৰ্জ্জন ॥৫৩৪ শুন অৰে বিশ্বামিত্র অধম দুৰ্জ্জন। মোৰ যজমানক কৰিলি তই ছদ্ম | বৃত্তিচ্ছেদ কৰিলি প্ৰাণত দিলি হাত । থাক ব্রহ্মাণ্ডে কৰো তোৰ কঙ্কপাত ॥৫৩৫ শুনি বিশ্বামিত্র ক্রোধে জাজ্বল্য সমান ! চক্ষু পকাই বশিষ্ঠক দিলা সমিধান। এভো এদিনাৰ মতে মোক খেদি আইলি । সেণ্ঠৰে নযাইবি আজি আহ্মাকজোঙ্কালি ॥৫৩৬ কাহাৰ আগত আসি কৰ আৰঙ্কতি । খানিতেক থাক আজি ভাঙ্গো মাটিমুটি ॥ কি মিলাওঁ আজি মোৰ মুনিযাই বুজ। ত্রিদশে দেখক আজি তোৰ মোৰ যুজ ॥৫৩৭ শুনি বশিষ্ঠৰ কোপে নসহয় প্রাণে । লৱৰন্তে দণ্ডে কোব বৈসাইলা সন্ধানে | বিশ্বামিত্ৰে তাক উৰুৱাইলে দণ্ডপাতি। অন্যোঅন্যে কুবা-কুবি লগাইলেক আতি ॥৫৩৮ আন্দোলে আন্দোলে ঘনে ঘনে ভূমি লৰে । থাক থিক কৰিয়া দণ্ডত দণ্ড পৰে । wafa কপিকা নিকালয় জাতজাত । সম্যকাৰ শুনিয় বজ্রত বজ্রপাত ॥৫৩৯ অন্যো অন্যে প্ৰহাৰ কৰন্ত বিপৰীত। খণ্ড খণ্ড হৈয়া দণ্ড পৰিলা মহীত ॥ দুয়ে। দুইহান্তক চাই ক্রোধ দৃষ্টি কৰি । দণ্ড ভাগি গৈলা দেখি কমণ্ডলু ধৰি ॥৫৪০ দুয়ে। ঋষি তঞ্জি গৰ্জ্জি বোলে শতবাৰ । হোহ বুলি কমণ্ডলু কৰন্ত প্ৰহাৰ ৷৷ ঠাৎকাৰ শব্দ ভৈল দুই দুইতো লাগি। ভূমিত পৰিল চূর্ণিকৃত হুয়া ভাগি ॥৫৪১ কমণ্ডলু নষ্ট ভৈল ধৰিল চোৱাৰি । দুয়ো দুইহান্তকো কোব মাৰিল লৱৰি ৷ চপ চপ বস্ত্ৰ যেন আছাৰয় ধোবে। ফফবি লৰৈ আতি পিঠিৰা কোবে ॥৫৪২ কোবৰ চোটত গৈল৷ চোৱৰি উফাৰি । পাচে দুয়ো ঋষি লগাইলন্ত জৰাজৰি ৷৷ আন্দোলা আন্দুলি কৰৈ হাতে হাতে ধৰি ৷ বাগৰা বাগৰি কতো পৃথিবীত পৰি ॥৫৪৩ আজোৰা আজোৰি কতো বাহু বাহু চান্দি । কতো থিয় হুয়৷ থাকে কত ভৰি ফান্দি ॥ ধূলায়ে ধূসৰ যেন দুর্জ্জয় দুই মাল। যি ঠাইত পৰে দুয়ো হৱে ভূমি খাল ॥ ৫৪৪ ফোফাৱন্ত দুয়ো ঋষি পীড়িল ভাগৰ । দুয়ো দুইকো এৰি পাচে ভৈলন্ত আন্তৰ ৷ কতো বেলি দুয়ে৷ ঋষি ভৈল সন্ধুক্ষণ। কোপ অপমানে দহে বশিষ্ঠৰ মন ॥৫৪৫ দশন কামুৰি দেস্ত আঙ্গুলিৰ ঠাৰ । এৱে চণ্ডশাপে তোৰ কৰে৷ প্ৰতিকাৰ ৷ মোৰ যজমানক বিকিলি চাণ্ডালত। ৰাজ্যৰ নিকালি দুখ দিলি নানামত ॥৫৪৬ অৰে বিশ্বামিত্ৰ কিনো চিন্তিলি অনিষ্ট । মোৰ শাপে হৈবি বক চতক পাপিষ্ঠ । এহি বুলি মৌন হুয়া থাকিলও বসি। শুনি ক্রোধে জ্বলি গৈল বিশ্বামিত্র ঋষি ॥ 89
পৃষ্ঠা:শ্ৰীশঙ্কৰ বাক্যামৃত.pdf/৪৮
অৱয়ব