28 উঠা উঠা ধৰ্ম্ম জানি প্ৰীশঙ্কৰ বাক্যস্থিত আপোনাৰ সত্য বাণী ৰাখি মোক জাণ্টে দিয়া দান ৷ সত্যে সূৰ্য্য আছে ৰহি সত্যতেহে আছে মহী সত্য সম ধৰ্ম্ম নাহি আন ॥২৯০ শুন অৰে মহাপাপ জানিলো পাতিলি কাপ বিস্তৰ নেবোলো আৰ বাক । আজি সূৰ্য্য অস্ত গৈলে জানো ৰসাতলে গৈলে যেৱে আনি নেদ দক্ষিণাক ৷৷ নেৰাইবে তোহোৰ বাপে বংশক দহিব শাপে কৰৈ ঋষি আতি চটি ফটি। কৰো আৱে কৰ্ণ কাত খানিতেক চাহো বাট এহি বুলি গৈলন্ত উলটি ॥২৯১ টেম্বুরানি বন্ধে গ্রাম বৰদোৱা যাৰ নাম লোহিত্যৰ জলে অনুকূল ৷ ভৈলা সেহি গ্ৰামেশ্বৰ যাৰ নাম ৰাজধৰ দানে মানে যাক নাহি ভুল ॥ অতিথি চৰ্চাত পৰে আন চিন্তা নাহি ঘৰে সর্ববদায়ে আনন্দ উৎসৱ । তান পুত্ৰ ভৈলা চাৰি সূৰ্য্যবৰ মুখ্য কৰি হুলায়ুধ জয়ন্ত মাধৱ ॥২৯২ জ্যেষ্ঠ ভৈলা সূৰ্য্যবৰ বহা বড়া দেশধৰ নয়স্থ কায়স্থ কুলদীপ । মহাদাতা হেন শুনি ব্রাহ্মণ সজ্জন গুণি চলি যাস্ত যাহাৰ সমীপ ৷৷ তানে ভৈলা গর্ভে শ্বৰ মহামানী বংশধৰ প্রসিদ্ধ কুসুম নাম যাৰ ৷ ভৌমিকৰ চূড়ামণি দাতাৰ আগত গণি যাৰ যশে ব্যাপিল সংসাৰ ॥২৯৩ শঙ্কৰে কৰিয়া নতি তানে পুত্র অল্পমতি কৃষ্ণপাৱে ৰচিল পয়াৰ গুনা সবে বুদ্ধজনে সাৱশেষে জানা কোনে পুৰাণ কথাৰ তত্ত্ব পাৰ কথাৰ আশয় চাই কাব্যৰস ঠাই ঠাই নিৱন্ধিলে৷ কঠোৰক ডৰে ৷ যদি অনুবাদ হুই তাতেসে ব্যঞ্জন হুই ভুঞ্জিবাক পাৰে কোন নৰে ॥২৯৪ কৰযোৰে বোলে৷ বাক শুনিয়ো পণ্ডিতজাক যিবা দেখা মৰিষিবা দোষ ৷ পুণ্যকথা পুৰাণৰ গঙ্গাজল পটন্তৰ তাক শুনি হুয়ো পৰিতোষ ৷৷ প্রণামিয়া হৰিপাৱে বোলো হেৰা বহুভাৱে শুনা সমজ্যাৰ যত লোক । আন চিন্তা দূৰ কৰি ডাকি বোলা হৰি হৰি মহাসুখে যায়ে। বিষ্ণুলোক ॥২৯৫, বৃদ্ধ ব্ৰাহ্মণৰ ওচৰত শৈব্যাৰ বিক্ৰয় পদ জৈমিনিৰ আগে পক্ষীগণ নিগদতি। ঋষিক যাইবাৰ দেখি উঠিলা নৃপতি ৷৷ শৈব্যায়ো বসিল কুমৰক কোলে ধৰি। চিন্তস্ত বসিয়া ৰাজা ঋষিক সুমৰি ॥২৯৬ আজি ঋষিশাপত সবংশে যাইবো তল ৷ কৈক যাইবো কি কৰিবো হৃদয় বিকল ৷ গুণি একো কৰিবাক নোৱাৰম্ভ থিৰ দেখি মহাদই দুনাই বোলে ধীৰে ধীৰ ॥২৯৭ এভো হেন কৰা প্ৰভু মোৰ বাক্য ধৰা ৷ শাপ-অগনিত পৰি বিপাঙ্গে নমৰা ॥ মোক বিকিয়োক হিয়া কৰিয়োক থিৰ ৷ দক্ষিণাক শুজি হাত এৰায়ে৷ ঋষিৰ ॥২ হেন শুনি ৰাজা আতি ভৈলস্ত নিতত । কান্দস্তে লোতক নামে যেন কাষ্ঠরত শৈব্যাক বোলন্ত বান্ধৈ ধৰা মোৰ বাক । পৰম নিৰ্দ্দৱ হুয়া বিকিব তোহ্মাৰ ॥২৯
পৃষ্ঠা:শ্ৰীশঙ্কৰ বাক্যামৃত.pdf/২৮
অৱয়ব