সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশঙ্কৰ বাক্যামৃত.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হৰিশ্চন্দ্র উপাখ্যা আনো যত হস্তী ঘোৰ৷ তাৰ কোনে পাৱে ওৰা ব্ৰাহ্মণক দিলা মহাৰায় ৷ সিটো ভৈল। ভিক্ষুপ্রায় দক্ষিণা দিবাৰ নাই ঋষিৰ ভৰত ধাতু যায় ॥২৮২ হৰি হৰি বিধি তোৰ কত অপৰাধ ঘোৰ চিস্তিলম্ভ এন্তে মহামতি । আঙ্ক কিবা শত্ৰু বুলি এতেক দুর্গতি দিলি কৰিলাহা হেনসে বিপত্তি ৷৷ সুগন্ধ চন্দন যাৰ গাৱে ঘদি মল কাঢ়ে ৰত্ন অলঙ্কাৰ বিৰচিত । সিটো কাল কৈক গৈল হেনসে বিপত্তি ভৈল সিটো তন্তু লোটায় মাটিত ॥২৮৩ উঠা উঠা প্রাণনাথ মোক চাৱা তুলি মাথ মোৰ গাৱে অগনি জ্বলয় । দিয়ো মোক সমিধান জুৰাওক সমস্তে প্রাণ হেৰা মই মাতো মহাদই ৷ আরেসে জানিলো আমি মৰিলাহা প্রাণ স্বামী তোমাক পাইলেক মহাকালে । এহি বুলি পটেশ্বৰী ৰাজাৰ গাৱক এৰি পৃথিবীত পৰিলা নিঢালে ॥২৮৪ ৰাজাই দেখস্ত আতি বিমুচ্ছিত ভৈল সতী মুখৰো হৰিল মাত বোল । ৰোহিতাশ্ব শিশু দেখি ক্ষুধায়ে কান্দিলা আতি মাৱৰ চাপিলা আসি কোল || আই দিয়া অন্নপান ভোকে হেৰা যায় প্রাণ উঠা বুলি গলত বান্ধয় হেৰা চাৱা শুখাই মুখ নুৱাৰো সহিবে দুধ এহি বুলি কুমাৰ কান্দয় ॥২৮৫ মোক কোলা লোৱা তুলি হেৰা চাৱা পুত্ৰ বুলি হাতে লকঞ্জকাৱে ৰাজাক ৷ ভোখে গাৱ মুহি খিৰ দিয়া ঘৃত লাড়ু ক্ষীৰ কোলাত বসিয়া খাইবো তাক ! কতেক ঘুমটি পাৰা৷ মোক কেনে ভোখে মাৰা এহি বুলি নৃপতিনন্দন। আছাৰয় হাত ভৰি গেড়ি পাৰি কৰয় সেহি বেলা বিশ্বামিত্র মনত বিকল কৰি ক্ৰন্দন ॥২৮৬ উগুল ধুগুল চিত উঠন্ত বৈসস্ত চাস্ত বেলি । হৃদয়ত এহি ধ্যান আজি ম‍ই পাইবো দান ৰাজা দিবে সূৰ্য্য অস্ত গৈলি থাকিব নোৱাৰি বসি উঠি লৰিলন্ত ঋষি যথাত শাছন্ত ৰাজা পৰি ৷ হাতে দণ্ড কান্ধে ছাতি দেখিয়া কুমৰে আতি আই বাপ বুলি দিলা গেড়ি ॥২৮৭ ঋষিৰ মূৰ্ত্তিক দেখি লুকায়া মুদিলা আখি নৃপতিৰ বুকুৰ সান্ধিত বিশ্বামিত্র দেখে পাচে মূৰ্চ্ছা গৈয়া পৰি আছে মহাৰাজা ভাৰ্য্যাৰ সহিত ৷ নাহিকে চেতন কুলি দক্ষিণা হৰাইল বুলি বসিলন্ত খোসমোস কৰি । মুখ নাহি উঠি যাও নিহালি নিহালি চাত্ত যোনে। ৰাজা আছে ছল ধৰি ॥২৮৮ কান্ধে ঘট ধৰি আনি মাখাত ঢালস্ত পানী উঠ উঠ হৰিশ্চন্দ্ৰ ৰায় ৷ দিয়া ধন দক্ষিণাৰ কান্ধৰ গুচায়ো ভাৰ ধৰুৱাৰ কৈতো সুখ নাই ৷ বোলন্ত অনেক বাণী চালস্ত শিৰত পানী নৃপতিয়ে চক্ষু মেলি চাইল । ঋষিক আগতে দেখি আৰকা মুদিলা আখি দুনাই যেন যমপুৰী পাইল ॥ ২৮১ দেখি ক্রোধে জ্বলি গৈল ৰাজাৰু বুলিবে লৈল তোৰ সবে বুদ্ধি কৰো চুৰি দক্ষিণা দিবাক ডৰে পাইল তোক চিন্তা ঘৰে মিছাত আছন ভেম জুৰি ।