শুনিয়োক পুণ্যকথা যত সভাসদ।
একতিলে দেখা কেন ভৈল ৰাজ পদ॥
পৰম চঞ্চল ধন জন সবে জানি।
আৰ আশা তেজি ডাকি বোলা ৰামবাণী॥১০৮
________
মহাৰাজ হৰিশ্চন্দ্ৰৰ কথাত প্ৰজাৰ খেদ
দুলৰী
এতেক বচন শুনায়া সেনাক,
নিশবদ ভৈল ৰাজা।
হেন অথন্তৰ কথা শুনি সবে,
তবধ ভৈলন্ত প্ৰজা।
( আকাশ চৰগ মাঠাত পৰিল,
মুখৰ মাত হৰিল।
মহাশোকশেল হিয়াত পৰিল,
থিয়য়ে যেন মৰিল॥ ১০৯
হৰি হৰি বিধি কিহত কি ভৈল,
হাসিতে হৰাইল ৰাজ।
নৃপতিক চাই কৰৈ হাহাকাৰ,
কিনু নিদাৰুণ কাজ॥
অনেক পুৰুষ তোমাৰ সেবক
তুমিসি আহ্মাৰ দেৱ।
কোন সতে আজি তোহ্মক তেজিয়া
ঋষিত কৰিবো সেৱ॥ ১১০
পুত্ৰতো অধিক দশ গুণ কৰি
পালিলা তুমি আমাক।
একোকালে নতো শুনো প্ৰাণ প্ৰভু
তোহ্মৰ কটুৰ বাক॥
কিবা ৰাজা তুমি কিবা মাৱ বাপ
হেন নতো জানৈ লোকে।
তুমি অবিহনে কি কৰৈ জীৱন
কান্দৈ প্ৰজাসবে শোকে॥১১১
কৈৰপৰা আসি পৰিলেক ইটো
বিশ্বামিত্ৰ ধূমকেতু।
ইহেন ৰাজ্য়ত সুখদে বঞ্চিবে
নপাইলো ইহাৰ হেতু॥
বনবাসী ঋষি ৰাজা ভৈল আসি,
এড়ি যত ধৰ্ম্ম কৰ্ম্ম।
কেনমতে ইটো পালিবেক ৰাজ
প্ৰজাৰ নেজানৈ মৰ্ম্ম॥ ১১২
তিলৰ কুশৰ ব্ৰাহ্মণ ইহাৰ,
ৰাজ্যত কমন ফল।
খাইবে বিধ্বংসিবে একোকে নজানে,
বানৰৰ নাৰিকল॥
স্বভাৱে কৃপণ নেদয় নাখায়,
দ্বিজগণ ধন সঞ্চা।
ভোজনিতে সবে ৰাজ্য ভাঙ্গিবেক,
আছোক পালি প্ৰপঞ্চা॥ ১১৩
ৰাজ্য় চৰ্চ্চা যত পৰি থাকিবেক,
শ্ৰাদ্ধৰ হুইবে দেৱান।
ইহাৰ নিমিত্তে দিবাক নপাইব,
আন ব্ৰাক্ষ্মণক দান॥
অল্পত সন্তোষ নুহিবেক ইটো,
ভস্ম কৰিবেক শাপে।
হেনয় আক্ৰোষি ঋষিৰ ৰাজ্যত,
বঞ্চিবে কাহাৰ বাপে॥ ১১৪
হৰি হৰি হৰি- শ্চন্দ্ৰ মহাৰাজ,
কৰিলা কোন বিপত্তি।
আহ্মাৰ কপালে যিহৌক সিহৌক
তোহ্মাৰ কি ভৈল গতি॥
তোহ্মাকেহে লাগি দহে কলেৱৰ
কিমতে বৰ্ত্তিবা তুমি।
এহি বুলি সেনা হেঠ মাঠ কৰি
কান্দি যায় হুমা হুমি॥১১৫