মহাক্ৰোধে জ্বলে দেহা যেন অগ্নি পুঞ্জ।
আৰকত চক্ষুক ফুৰান্ত যেন গুঞ্জ॥ ৭৭
শৰীৰৰ পৰাগোটে বহি যাই ঘৰ্ম্ম।
চাহান নজাই যেন কালান্তক যম॥
থাক থাক বুলি দিল আঙ্গুলি নিসান।
দেখি নৃপতিৰ ভৈল অন্তৰীক্ষ প্ৰাণ॥ ৭৮
আথে বেথে ঘোড়াৰ নামিল নৰোত্তম।
উষ্ঠ কণ্ঠ সুখাইল মুখত নাহি পম॥
আছাৰিয়া পেলাইলা হাতৰ শৰ ধনু।
মহাভয়ে প্ৰবেশিল থিৰ নুহি তনু॥ ৭৯
'কাম্পে হাত পাৱ সবে শৰীৰ তৰাসে।
যেন অশ্বত্থাৰ পত্ৰ পছোৱা বতাসে॥
দণ্ডৱতে পড়ি ৰাজা কৰন্ত কাতৰ।
নজানিয়া তোমাক বুলিলো অনুত্তৰ॥ ৮০
আৰ্ত্তনাদ শুনিলোহো স্ত্ৰীৰ বনত।
কোনেবা দুৰ্ব্বল কৰে মোহোৰ মনত॥
সিকাৰণে খেদি আইলো ধৰি শৰ চাপ।
দিয়োক অভয় ক্ষমা কৰা ঋষি বাপ॥ ৮১
ৰাজা ভৈলে এহিসে আমাৰ নিজ কাম।
শৰ ধনু ধৰি ধৰ্ম্মে কৰিবো সংগ্ৰাম॥
দিব্য মহা দান ৰক্ষা কৰিবো প্ৰজাক।
এহিসে কাৰণে শ্ৰেষ্ঠ শ্ৰজিলা আমাক॥ ৮২
মহাৰাজ হৰিশ্চন্দ্ৰৰ দান
ঋষিযে বোলন্ত ৰাজা শুনিযো অবোধ।
কোনে এবে কৰিবে বনত আবে যুদ্ধ॥
কাহাক ৰাখিবে লাগে কাক দিবি দান।
জান যেৰে অতি শীঘ্ৰে দেহ সমিধান॥ ৮৩
ৰাজা বোলে বুঢ়া ব্ৰাহ্মণক দিবোদান।
ভযাতুৰ প্ৰাণীক কৰিবো পৰিত্ৰান॥
শত্ৰু সমন্নিতে ন্যাষ কৰিবো সংগ্ৰাম।
স্বৰূপ কহিলো ক্ৰোধ কৰা উপাশাম। ৮৪
হেন শুনি বিশ্বামিত্ৰ দিলা সমিধান।
স্বৰূপত যেবে ব্ৰাহ্মণক দেহ দান॥
মইতো ব্ৰাহ্মণ তেবে তোৰ চিনা জনা।
জান্তে মোক ৰাজসূইৰ দিযোক দক্ষিণা॥ ৮৫
হেন শুনি নৃপতিৰ নামি আইল ধাতু।
ৰঙ্গমনে বোলন্ত ৰক্ষাৰ ভৈল হেতু॥
দানক মাগন্ত ঋষি আমাক ন •শাপি।
এড়াইলো প্ৰমাদ উপজিলো পুনৰপি॥ ৮৬
উলতিয়া স্বৰ্গ যেন পাইলা আনন্দত।
কড় যোৰে বিনাৱন্ত ঋষিৰ আগত॥
তোমাক দিবাক পাইবো কত পুণ্যভাগে।
সত্বৰে বুলিয়ো মোত কিবা দান লাগে॥ ৮৭
কিবা ৰত্ন ৰজতৰ অলক্ষ ভণ্ডাৰ।
কিবা ৰাজদন্দ পাত লক্ষ্মী অলঙ্কাৰ॥
কিবা গজ বাজী আৰু অযোধ্যা নগৰ।
কি লাগে দেও অপোনাৰ কলেৱৰ॥ ৮৮
আছে মহাশান্তি সব্যা পৃয়া পটেশ্বৰী।
ৰোহিতাস্য পুত্ৰ মোৰ প্ৰাণ এড়ে শৰি॥
যদি ঋষি খোজা মোত তাক দিবো দান।
নুহি তেবে বোলাদিবো আপোনাৰ প্ৰাণ॥ ৮৯
পাইল হেন জানি কিছু নাহি আত শঙ্কা।
বিস্তৰ বোলন্ত আৰু কয়ো যত টঙ্কা॥
যেহি মন বাঞ্চা তাক খোজা বিশ্বামিত্ৰ।
নিস্তে নিস্তে দিবো তাক নাহি কিছু চিত্ৰ॥ ৯০
হেন শুনি ৰঙ্গভৈলা ঋষিৰ মনত।
আউৰ কৈক যাশ ৰাজ মোহোৰ হাতত॥
অনন্তৰে নৃপতিক দিলা সমিধান।
যতেক যাচিলে তাক পাইলো হেন জান॥ ৯১
কিন্তু ৰাজসূয়ৰ দক্ষিণা দিয়া আগে।
পাছে দান খোজি লৈবো মোক যিবা লাগে॥
প্ৰথমতে যজ্ঞৰ দক্ষিণা আছে খুজি।
যেন লাগে দিয়োক আপোন মন বুজি॥ ৯২