সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশঙ্কৰ বাক্যামৃত.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰীশঙ্কৰ বাক্যামৃত

হৰিশ্চন্দ্ৰ ৰাজেশ্বৰ,   যান্ত যেবে, বহুদুৰ,
  মনুষ্যৰ শুনিলো শবদ।
ৰিণি ৰিণি শুনি ধ্বনি,   চাইলে ৰাজা মনে গুণি,
  স্ত্ৰীগণে কৰে আৰ্তনাদ॥ ৬৫॥
কিবা মাযা ৰাক্ষসৰ,   কিবা দৈত্য দানৱৰ,
  কিবা একো দেৱতাৰ চলে।
যিহোক সিহৌক ভাগে,   তথাপি যাইবাক লাগে,
  কোনে কৰে স্ত্ৰীক দুৰ্ব্বল॥
সমস্তে পৃথিবী মোৰ,   আত কোন খণ্ট চোৰ,
  যমত ঘেলাৱে আশি গাৱ।
এহি বুলি মহাৰাই,   মৃগ এড়ি যান্ত ধাই,
  যথাতে শুনন্ত আৰ্ত্তৰাৱ॥ ৬৬
নমো নমো নাৰায়ণ,   বিঘিনি খণ্ড প্ৰভু,.
  ভকত জনক কৰা দায়া।
হৰি পদ প্ৰসাদত,   সিদ্ধি হৌক অভিমত,
  নাশ যাউক সংসাৰৰ মায়া॥
কৃষ্ণৰ চৰণ সেৱি,   ৰচিলন্ত পদ ছবি
  কেশৱৰ কিঙ্কৰ শঙ্কৰে।
শুনিয়োক নৰলোক,   কলিত সদগতি হৌক,
  হৰি হৰি বোলা নিৰন্তৰে॥ ৬৭

________

বিশ্বমিত্ৰৰ ক্ৰোধ

পদ

পক্ষীগণ বদতি শুনিযো মহামুনি।
খেদি যান্ত ৰাজা যেবে আৰ্ত্তনাদ শুনি॥
সেহি বেলা মনে আলোচন্ত বিঘ্নিবাজ॥
পাইলো সন্ধি আবে মোৰ সিদ্ধি ভৈলকাজ॥ ৬৮
তপে দিপ্য মান বিশ্বামিত্ৰ মহা ঋষি।
মহাবিদ্যা সাধন্ত নিৰ্জ্জন বলে বসি॥
ব্ৰহ্মাৰো অসাধ্য ইটো বিদ্যামনে গমি।
ধৰিলন্ত মহাব্ৰত ক্ৰোধক নিয়মি॥ ৬৯
সহিবে নপাৰি তাৰ তেজৰ প্ৰভাৱ।
স্ত্ৰীৰূপে বিদ্যাগণে কৰে আত্তৰাৱ॥
নজানিসে খেদি যান্ত নৃপতি অবোধ।
আৰ নিন্দা বানি শুনি উঠিগৈলা ক্ৰোধ। ৭০
মোক অপমান লগাই আছে দুৰাচাৰ।
এহি সময়তে আজি সাধো প্ৰতিকাৰ॥
ঋষিৰ হাতত কৰো ৰাজ্যৰ উচ্চেদ।
তেবেসে খণ্ডিবে মোৰ হৃদয়ৰ খেদ॥ ৭১
এহিমতে গুণি পাছে দেৱতা গণেশ।
নৃপতিৰ শৰীৰত ভৈলন্ত প্ৰবেশ॥
ৰাজাৰো উঠিলা আতি দশ গুণে কোপ।
ৰথত কৰন্তে যান্ত অনেক আতোপ॥ ৭২
মোহোৰ ৰাজ্যত কোনে চিন্তে অপকাৰ।
কোন পাপীষ্টৰ আবে কত কতাই ঘাৰ॥
দুহিবাক লাগি কোনে বাঘিনীক চান্দৈ।
মৰিবাৰ ঔষধি গলত তুলি বান্ধৈ॥ ৭৩
হেন মন্দকৰ্ম্ম কৰে কোননো অধমে।
আমাক জোঙ্কাৱৈ আক্ষি মলচিল যমে॥
গডল কিসক ভুঞ্জে মৰিবাক লাই।
আজি ঘোৰ শৰে যমপুৰে দিবো ঠাই॥ ৭৪
স্ত্ৰীক দুৰ্ব্বল কৰে কোননো নিস্খলে।
জ্বলন্ত বহ্নিক বান্ধে বস্ত্ৰৰ আঞ্চলে॥
খানিতেক ৰহ আজি ছেদকৰো শিৰ।
মোৰ ঘোৰ শৰে পীবে তপত ৰুধিৰ॥ ৭৫
অনেক গৰ্জ্জন্তে যান্ত ৰাজা মহাবলী।
শুনি বিশ্বামিত্ৰ আতি ক্ৰোধ গৈলা জ্বলি॥
এড়িলন্ত যত মৌন ব্ৰতৰ বিধান।
চিদ্ৰপাহ যত বিদ্যা ভৈল অন্তৰ্দ্ধান॥ ৭৬
পাছে বিশ্বামিত্ৰক দেখিলা নৰনাথ।
দশন কামুৰি ঋষি ঝঙ্কাৰন্ত মাথ॥