পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৷৹

ভকতসকলে বৰপেটাত আৰু বাৰজনীয়া গোঁসাই-ভকতে বৰদোৱাত মাজে সময়ে শিক্ষা লাভ কৰা দস্তুৰ আজিলৈকে চলি আছে। এই কাৰণে বৰগীতৰ সুৰ কমলাবাৰীৰ বৰপেটা-সুন্দৰীৰ লগত আৰু উজনিৰ বাৰজনীয়া সত্ৰবোৰৰ বৰদোৱাৰ লগত মিল দেখা যায়। আমাৰ ভিতৰুৱা গাৱৰ মানুহৰ বৰগীতৰ সুৰ সত্ৰৰ সুৰৰ লগত প্ৰায়ে নিমিলে। প্ৰাচীন বৰগীতবোৰ নিয়মমতে শিক্ষা নকৰাৰ ফলত বোধকৰোঁ সেইবোৰ ঠাইৰ বৰগীতৰ সুৰত স্থানীয় গীতৰ সুৰ সংযোগ হৈ তেনে মিশ্ৰণ সুৰৰ সৃষ্টি হৈছে। ঠিক এই কাৰণেই বোধকৰোঁ বৰপেটাৰ বৰগীতৰ সুৰৰ লগত উজনিৰ (কমলাবাৰী বাদে) সত্ৰবোৰৰ সুৰ অমিল পোৱা যায়।

 বৰপেটা-সুন্দৰীত প্ৰভু শ্ৰীমন্ত শঙ্কৰদেৱৰ সময়ৰপৰা বৰগীতৰ চৰ্চা ধাৰাবাহিক ৰূপে চলি আহিছে। গতিকে ইয়াৰ সুৰ বোধকৰোঁ বেচি পৰিবৰ্ত্তিত হোৱা নাই। কিন্তু বৰ্ত্তমানে বৰপেটাৰ কিছুমানে হাৰমোনিয়মত যিবোৰ বৰগীত গায় সেইবোৰৰ ৰাগ- তাল-মান প্ৰাচীন সুৰৰপৰা কিছু আঁতৰিছে।

 বৰগীতখন শব্দাৰ্থ দি প্ৰকাশ কৰাবলৈ আমি আজি প্ৰায় ২০।২৫ বছৰৰপৰা বহুতো পণ্ডিতলোকক অনুৰোধ কৰিছিলোঁ। সুখৰ বিষয় শ্ৰদ্ধেয় বন্ধু শ্ৰীযুত ৰাজ মোহন নাথ বি, ই, তত্বভূষণ ডাঙৰীয়াই আমাৰ অনুৰোধ ৰক্ষা কৰি ৪৯৪ শঙ্কৰাব্দত "শ্ৰী শ্ৰীশঙ্কৰদেৱৰ বৰগীত” প্ৰকাশ কৰে। এই পুথিত তেখেতৰ টীকা-ভাষ্য অলপ বহল হল; অলপ লিখা পঢ়া জনা মানুহে ইয়াক পঢ়িবলৈ অলপ আহুকাল বোধ কৰে দেখি কেৱল শব্দাৰ্থ আৰু বৰ বেচি কঠিন বাক্যাংশ দুই চাৰিটাৰ মাত্ৰ অৰ্থ ইয়াত দি আমি প্ৰকাশ কৰিলোঁ।