পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৶৹

ৰাগতো অলপ অমিল শুনা যায়। সেইকাৰণে বৰগীতৰ বাগবোৰৰ শুদ্ধাশুদ্ধলৈ নানা সন্দেহ জন্মে।

 বৰগীতৰ চৰ্চ্চা শ্ৰী গুৰুৱে বৰদোৱা, গাংমৌ, ধুবাহাটা আদিত কৰিলেও পৰবৰ্ত্তী কালত পাটবাউসীতেই বিশেষ ভাৱে চৰ্চ্চা কৰিছিল। আৰু প্ৰভু পাটবাউসীলৈ অহাৰ পাছত শ্ৰী শ্ৰী মাধৱদেৱে ধৰ্ম্মাচাৰ্য্য পদ গ্ৰহণ কৰি উজনিত ধৰ্ম্ম প্ৰচাৰৰ বাৱস্থা নকৰালৈকে প্ৰায় পঞ্চাশ বছৰ উজনিত বৰগীতৰ চৰ্চ্চা নহৈছিল। শ্ৰীশ্ৰীবংশী গোপলদেৱ, শ্ৰীশ্ৰীপদ্ম আতা (বদলা আতা) আৰু বাৰজনীয় ধৰ্ম্মাচাৰ্য্য সকলে ধৰ্ম প্ৰচাৰ কৰাৰ লগেলগেহে উজনিত বৰগীতৰ পুনঃ চৰ্চ্চা হৈছিল।

 শ্ৰীশ্ৰীশঙ্কৰ প্ৰভুৰ পাছত তেৰাৰ প্ৰচাৰিত নাম ধৰ্ম্মৰ অমৃতময় ৰস চাৰি-সোঁতত ববলৈ ধৰে, যেনে নিকাপথীয়া (শী শ্ৰী মাধৱদেৱৰ আজ্ঞাপৰ,) ঠাকুৰীয়া* (পুৰুষোত্তম আৰু চতুভূৰ্জ ঠাকুৰৰ আজ্ঞাপৰ), দামোদৰীয়া ( শ্ৰী শ্ৰীদামোদৰদেৱৰ অজ্ঞাপৰ) আৰু হৰি- দেবী (শ্ৰীশ্ৰীহৰিদেৱৰ আজ্ঞাপৰ)। সকলোৰে শৰণ-ভজন, প্ৰসঙ্গ প্ৰণালী একেহলেও নিকাপথীয়া বৰপেটা আৰু কমলাবাৰী- সত্ৰৰ চালচলনা আন তিন ঘৰৰ লগত অলপ ভিন। ঠাকুৰীয়া, দামোদৰী আৰু হৰিদেৱীৰ ভিতৰতত পৰস্পৰ খাপ খাই যোৱা নহয়। ঠাকুৰীয়াসকল নিকা সখীয়াৰ লগত আৰু দামোদৰীসকল হৰিদেৱীৰ লগত ভালেখিনি মিলি যায়। কমলাবাৰীৰ


* নগাৱঁত “ঠাকুৰীয়া” শব্দে শ্ৰী শ্ৰীগোপাল আতাৰ আজ্ঞাপৰ সত্ৰবোৰক বুজায়। + সুন্দৰীদিয়া অফ পট বাউসীক ইয়াৰ ভিতৰত ধৰ। হৈছে।