পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৵৹

হাত নিদি বৰগীতবোৰ নকল কৰা হৈছিল; পাছত ৰায়বাহাদুৰ শ্ৰীযুত কালীৰাম মেধি ডাঙৰীয়াই পুনৰ তেখেৰত হাতত থকা পুথিৰ লগত মিলাই যি দুই এটা শব্দৰ গৰমিল পালে সেইবোৰ তলত পাঠান্তৰ বুলি লিখি দিছে।

 শ্ৰীমন্ত শঙ্কৰ গুৰুৱে বাল্যকালত সঙ্গীত চৰ্চ্চা কৰাৰ কথা চৰিত্ৰ পুথিত স্পষ্ট উল্লেখ নাথাকিলেও প্ৰায় উনৈশ বছৰ বয়সত আলি পুখুৰীত চিহ্ন-যাত্ৰা ভাওনা কৰোঁতে তেৰাৰ ৰাগত গছৰ পাত সৰা আৰু পাত গজাৰ কথা চৰিত্ৰত লিখা আছে।* গতিকে ছাত্ৰজীৱনতেই প্ৰভুৱে সঙ্গীত চৰ্চ্চা কৰিছিল। প্ৰভুৱে প্ৰথম বাৰ তীৰ্থযাত্ৰা কৰাৰ সময়ত উত্তৰ ভাৰতৰ ভিতৰত বিহাৰ প্ৰদেশ সঙ্গীত চৰ্চ্চাৰ এখন প্ৰধান কেন্দ্ৰ আছিল বুলি কিছুমানে কয়। প্ৰভু শ্ৰীমন্ত-শঙ্কৰৰ ভাষাত ব্ৰজাবলী শব্দৰে প্ৰাচুৰ্য্য দেখা যায়। এই কাৰণে বিহাৰতেই প্ৰভুৱে সঙ্গীত, নাট আদি বিদ্যাৰ বিশেষ ভাৱে চৰ্চ্চা কৰিছিল বুলিলেও বোধকৰোঁ ভুল নহব। ৰাগ,তাল, মান আদিত অভিজ্ঞতা থকা লোকেহে এই বিষয়ত কিছু নিশ্চিত সিদ্ধান্ত দিব পাৰিব। বৰগীতবোৰত ২১ টা ৰাগৰ উল্লেখ আছে। প্ৰভু শঙ্কৰে কেৱল ১১ টা ৰাগতহে বৰগীত ৰচনা কৰিছিল। ধন শ্ৰী আৰু গৌৰী ৰাগতেই তেৰাই বেচি সংখ্যক বৰগীত ৰচিছিল।

 আমাৰ ইয়াত যিবোৰ বৰগীত গায়, সেইবোৰৰ ৰাগ উজনি-নামনিত একে নহয়। সত্ৰ আৰু গাৱৰ মানুহৰ বৰগীতৰ