পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭
বৰগীত
১৯.
ৰাগ-ধনশ্ৰী।

ধ্ৰুং- পামৰু মন ৰাম চৰণে চিত্ত দেহু। অথিৰ জিয়ন ৰাম;
মাধৱকেৰি নাম; মৰণক সম্বল লেহু॥

পদ-ৰয়নি দিৱসে  দুৰ; আৱি জাৱত;
আৱত অস্তক গৰজি।
কথি তনু পাত;  মিলত মতিমানি
ৰাম ভজহু সব বৰজি॥
আসা পাষ; পৰসি  মানস পণ্ড;
পৰলি বন্দি বেৰি বেৰি।
ভৱ কাৰাগাৰ  তাৰক নাহি আৰ;
বিনে ভকতি ৰতি-তেৰি॥
অৱনিসি সেবহু;  ৰাম পৰম পন্থ;
বহু হৃদী পঙ্কজ মেৰা*
কৃষ্ণ কিঙ্কৰে ভণ;  ৰাম পৰম ধন;
মৰণহি সঙ্গ নাচোৰা ॥১৯॥

পামৰু-পামৰ, পাষণ্ড। দেহু—দিয়া। মাধৱকেৰি-মাধৱৰ। মৰণক- মৰণৰ। লেহু—ল৷ ৰয়নী-ৰজনী। আবি-আয়ুস। অন্তক-মৃত্যু। কথি- কোন ঠাইত, ক'ত। মিলত-ঘটে। অনুপাত- দেহৰ পতন। মতিমান- মনত ভাবি। আশা-পাশ-আশাৰ জাল। বেৰি-বেৰি-বাৰবাৰ। আশা- পাশ•••বেৰি-মনৰূপ পশু জালত পৰি বাৰ বাৰ বন্দী হল। তেৰি-তোৰ। অবনিশি- দিনেৰাতি। পন্থ-প্ৰভু। ৰাম পৰম পন্থ-ৰামৰূপ পৰম প্ৰভু।


পাঠান্তৰ:- • মতি-মোৰা।