পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰগীত ১৭ বাগ-কেদাৰ। পাৱে পৰি হৰি; কৰোহে। কাতৰি; প্ৰাণ ৰাখবি মোৰ। বিসয় বিসধৰ; বিসে জড় জড়; জিয়ন নাৰহে থোৰ। পদ—অথিৰ ধন জন; জিয়ন জৌৱন; অথিৰ এহু সংসাৰ। পুত্ৰ পড়িৱাৰ *; সবহি অসাৰ; | কৰবু কাহেৰি সাৰ। চিত্ত চঞ্চল; কমল দল জল; | থিৰ নোহে তিল এক। নাহি ভয়ে ভৱ; ভোগে হৰি হৰি; পৰম পদ পৰতেক। কহতু শঙ্কৰ; এ দুখ সাগৰ; | পাব কৰু হৃষিকেশ। ভুহে গতি মতি; দেহু চিৰিপতি; | তত্ব পন্থ উপদেশ॥১৭ ' বিষধৰ—সাপ; বিষে জয় গুড়-বিত জৰ্জৰিত; থোৰ-খন্তেকীয়া, অলপমানো। জীৱন নাৰহে থোৰ-জীৱন খন্তেকো নাথাকে। পৰতেক-প্ৰত্যক্ষ। ভৱভোগে- সংসাৰিক ভোগত। নাহি ভমো•••••পৰতেক-হবি হৰি, বিষয় ভোগত সাকৈয়ে পৰ্যপদ লাভ নহয়। পাঠা- পৰিয়াৰ;