পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বৰগীত


দেখুহু খীন; দিন দিন দেহা; আধি ব্যাধী বিঘাত*। অন্তকালে গতি, মোৰ কমলাপতি শঙ্কৰ কৰ প্ৰনিপাত॥৬॥

 শাৰঙ্গপাণি- শাৰ্ঙ্গ ধনু হাতত যাৰ, বিষ্ণু। পাহে- উদ্ধাৰ কৰা। নিৰয়- নৰক। আৱৰি- আৰু। নিবাৰু- নিবাৰণ কৰা বা গুচোৱা। হামি-মই। হেৰোহোঁ-দেখো। কেতিবেৰি—কিমান পৰত। কৰতহু- কৰি আছো। সমাপন-শেষ কৰিলো। আৱি-আয়ুস। আধি- মানসিক দুখ। আধি ব্যাধি বিঘাত-মানসিক তাপ আৰু শাৰীৰিক কষ্টে ক্লিষ্ট।

ৰাগ- তথা।

ধ্ৰুং-নাৰায়ণ লিলা জানব কৈই। সনক সনাতন চিন্তি চতুৰ মুহ; অধীকহি বিমোহিত হোই॥

পদ—কোটি কোটি অণ্ড; আৱত জাৱত; ৰোম ৰন্ধ্ৰ সহ জাৰা॥ সোহি ভুমি ভাৰ; হৰসি শুৰ সুকৰ; নৰসিংহ অৱতাৰা। যত দেখু কায়া; সুত বিত্ত জায়া; মায়াকো v সৱ ধন্ধ। হামু যত জীৱ; সিৱ তেৰি অংশা; কাহে ওহি মোহ বন্ধ॥ শঙ্কৰ কহ পহু; পয়ৰহি লাগোঁ; মাগো নাহি আন কাম। ওহি বৃপা বৰু; ৰুপ হৃদয়ে বহুঁ; বহুঁ মূহ ভৰি তেৰি নামা॥৭॥

 চতুৰ মুহ-ব্ৰক্ষ্মা অণ্ড-জগত। মহ-মধ্যত। শূৰ-ক্ষমতাশালী। হৰসি-হৰণ কৰা। ধঙ্ক- চিন্তা। পয়ৰহি-পাৱত। ৰন্ধ্ৰ-লোম। সুত-পুত্ৰ। বিত্ত-ধন। জায়া-ভাৰ্য্যা। পহু-প্ৰভু। মুহ-মুখ।


পাঠান্তৰঃ- বিঘাত॥ ৰময়াপতি। প্ৰণিপাতা। নৰ নৰসিংহ। v মায়াকে।