পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বৰগীত

চতুৰ উজ্জৰ কৰ, কঙ্কন কেয়ুৰ ভুঙ্গ, মহমতিম হাৰু।
লিলা বিনোদী, কম্বুকৌমোদি চক্ৰকেৰিকঞ্জ ধাৰু।
স্যাম সৰিৰ, †ৰচিতপিত অম্বৰ, উৰে বনমালা লুলে।
কৌস্তুভ সোভিত, ‡ কণ্ঠকটি কাঞ্চি, কিঙ্কিনি কনয়া দোলে।
অৰবিন্দ নিন্দি, পাৱ নৱপল্লব, ৰতন নুপুৰ পৰকাস।
ভকত পৰম ধন, তাহে মজোক মন, শঙ্কৰ এহু § অভিলাসা৷ ধ্ৰুং ২॥

 মুৰাৰু- মুৰাৰি; হামাৰ-মোৰ; অনঙ্গ-মদন; মণ্ডিত- শোভা কৰা। গণ্ড—গাল। মকৰ কুণ্ডল মণ্ডিত গণ্ড—মগৰৰ আকৃতিৰ কুণ্ডলে শোভা কৰা গালে। খণ্ডিত- ছিঙা, হীন কৰা বা চেৰ পেলোৱা। ৰুচিস্মিত হাসা (ৰুচি- দীপ্তি; স্মিত–মিচিকিয়া) মনোমুগ্ধকাৰী মিচিকিয়া হাঁহি। মকৰ•••••••••হাসা—মগৰৰ আকৃতিৰ কুণ্ডলে শোভা কৰা গালে। চন্দ্ৰকো (চন্দ্ৰৰ দীপ্তিকো) মিচিকিয়া হাঁহিৰে চেৰ পেলাইছে। কিৰিত- কিৰীটি। কনক কিৰীট জড়িত ৰতনা—নানা প্ৰকাৰ মণিমুক্তাৰে খচিত সোণৰ মুকুট। নীৰজ-পদ্ম। বিকাশা-প্ৰকাশ হোৱা। নব •••••••বিকাশা--নতুনকৈ ফুলা পদ্মৰ দৰে শোভা পোৱা চকুৰে। চতুৰ--চাৰি। উজ্জৰ--উজ্জ্বল। চতুৰ•••••••••কঙ্কন--চাৰি হাতত উজ্জ্বল কঙ্কন। কেয়ূৰ--বাজু। কেয়ূৰ ভূজ--বাহুত বাজু। মহ--মাজত। মোতিম --মুক্তা। হাৰু-হাৰ। মহ•••হাৰু—বুকত মুক্তাৰ হাৰ। কেৰিকঙ্জ--নীলপদ্ম; ধাৰু-- ধাৰণ কৰোঁতা। কম্বু--শঙ্খ। লীলা বিনোদী--আনন্দময় বা ক্ৰীড়াযুক্ত লীলা। কৌমুদী-- গদা; কৌমোদকী নামে গদা। লীলা •••••••ধাৰু-- আনন্দময় লীলা শঙ্খ, গদা, চক্ৰ, নীলপদ্মধাৰী। লোলে -ওলমি পৰে। কাঞ্চী—ককালত পিন্ধা ঘুগুৰাৰ মেখলা। কিঙ্কিণী –ঘুগুৰাৰ টাঙালি (ককালত পিন্ধা)


পাঠান্তৰ:- †সবিৰে-পাঠান্তৰ। সোভি , ‡পাঠান্ত। § কহ-