পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৵৹

 শ্ৰীশ্ৰীশঙ্কৰ গুৰুৱে চৈতন্যময় সৰ্বব্যাপী সূক্ষ্মৰূপ এক নিৰঞ্জন শ্ৰীগুৰুৰ ধৰ্মমতনাৰায়ণৰ সেৱা প্ৰচাৰ কৰিছিল '[১] আৰু লগতে এই নিৰ্গুণ ঈশ্বৰৰ গুণ প্ৰকাশ কৰিবলৈ নাৰায়ণৰ লীলাময় ৰূপ শঙ্খ-চক্ৰ-গদা-পদ্মধাৰী বনমালী চতুৰ্ভুজ শ্ৰীকৃষ্ণৰ উপসনা লোকত চলাইছিল।[২] ভগবানৰ নাম-গুণ-শ্ৰৱণ-কীৰ্ত্তনেৰে “যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ” বোধ কৰি নিষ্কামভাৱে এক-মাত্ৰ ভগবানকেই একান্ত মনে ভজনা কৰিবলৈ শ্ৰীশঙ্কৰে সকলোকে উপদেশ দিছিল। সেব্য-সেৱক ভাৱৰ প্ৰাধান্য ৰাখি দাস্য ভাৱে হৰিক ভজন কৰিবলৈ তেওঁ সকলোকে উপদেশ দিছিল। ইয়াৰ উপৰি শ্ৰীশঙ্কৰে কৃষ্ণ ভক্তিত সকলোৰে অধিকাৰ থকা ঘোষণা কৰি হিন্দু- মুছলমান-পাহাৰী সকলোৰে মাজত কৃষ্ণ-প্ৰেম বিলাই সাম্য-মৈত্ৰী ভাৱেৰে জগতক একসূত্ৰে বান্ধিছিল।[৩]

 শ্ৰী গুৰুৰ ৰচিত প্ৰধান গ্ৰন্থ এই কেইখন-কীৰ্ত্তন, ভাগৱত [১ম,২য় স্কন্ধ, অনাদি-পাতন (৩য়) অজামিল উপাখ্যান

প্ৰভুৰ অমূল্য
গ্ৰন্থ সমূহ।

(৬ষ্ঠ), প্ৰহ্লাদ চৰিত (৭ম), অমৃত মথন (৮ম স্কন্ধ) হৰিশ্চন্দ্ৰ উপাখ্যান (৯ম), আদ্য দশম, কুৰু-ক্ষেত্ৰ (শেষ দশম), ১১শ আৰু ১২শ স্কন্ধ] ৰামায়ণ—উত্তৰাকাণ্ড,বৰগীত, ৰামমালিকা, ৰুক্মিণীহৰণ (পদ), ভক্তি ৰত্নাকৰ (সংস্কৃত), অঙ্কীয়া নাট --কালিয়দমন, ৰামবিজয়, ৰুক্মিণীহৰণ, কেলিগোপাল, পাৰিজাত হৰণ, পত্নী-প্ৰসাদ ইত্যাদি।

 আমাৰ ত্ৰুটীৰ বাবে শ্ৰী গুৰুৰ শ্ৰীশ্ৰীচৰণত ক্ষমা খুজিলোঁ আৰু সুধীসকলৰপৰা আমাৰ দোষ সংশোধনৰ সঙ্কেত পাম বুলি আশা কৰিলোঁ।

সেৱক -
শ্ৰীহৰিনাৰায়ণ দত্ত বৰুৱা।


  1. কীৰ্ত্তন-১ পদ।
  2. কীৰ্ত্তন- ১৬৭০ পদ।শ্ৰীশ্ৰীশঙ্কৰৰ মতক বিশিষ্টাদ্বৈতবাদ বুলি ধৰিব পাৰি।
  3. কীৰ্ত্তন-প্ৰহলাদ চৰিত'।